অসম

assam

ETV Bharat / state

অসামাজিক কাৰ্যকলাপৰ ঘাটিত পৰিণত আমনিৰ হকী ষ্টেডিয়াম - আমনিৰ হকী ষ্টেডিয়াম

আমনিৰ অৰ্ধনিৰ্মিত হকী ষ্টেডিয়ামত নিতৌ চলে মদ, ভাং আৰু ড্ৰাগছৰ আড্ডা (Anti social activities at Amoni hockey stadium)। আড্ডাস্থলীলৈ অহা দুষ্টচক্ৰই সমীপৰ বিদ্যালয়ত চলাই লুটপাত । অতিষ্ঠ বিদ্যালয়ৰ শিক্ষাৰ্থী, শিক্ষক আৰু স্থানীয় লোক । অতি শীঘ্ৰে ষ্টেডিয়ামখন নিৰ্মাণ কৰি তাত অনৈতিক কাৰ্যকলাপ বন্ধ কৰাৰ ক্ষেত্ৰত পদক্ষেপ ল'বলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান স্থানীয় লোকৰ ।

Nagaon
অসামাজিক কাৰ্যকলাপৰ ঘাটিত পৰিণত আমনিৰ হকী ষ্টেডিয়াম

By

Published : Sep 2, 2022, 3:54 PM IST

চামগুৰি,২ ছেপ্টেম্বৰ :নগাঁও জিলাৰ আমনিৰ এখন হকী ষ্টেডিয়াম (Hockey stadium in Amoni) এতিয়া পৰ্যবসিত হৈছে মদ, ভাং আৰু ড্ৰাগছৰ আড্ডাস্থলীলৈ । বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ চলে অৰ্ধনিৰ্মিত ষ্টেডিয়ামৰ পেভিলিয়ন আৰু গেলেৰিত । সকলো দেখিও নিমাত আৰক্ষী তথা প্ৰশাসন । আমলখি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পিছফালে থকা ৰাজ্যখনৰ ভিতৰতে লেখত ল'বলগীয়া নিৰ্মিয়মান এই হকী ষ্টেডিয়ামখনত চলা অনৈতিক কাৰ্যকলাপে এতিয়া অতিষ্ঠ কৰি তুলিছে ৰাইজক ।

অসামাজিক কাৰ্যকলাপৰ ঘাটিত পৰিণত আমনিৰ হকী ষ্টেডিয়াম

উল্লেখ্য যে গ্ৰামাঞ্চলৰ নতুন প্ৰজন্মক হকীৰ প্ৰতি আকৃষ্ট কৰাৰ উদ্দেশ্যেৰে ২০১৫ চনতে কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ আৰম্ভ কৰা হৈছিল এই হকী ষ্টেডিয়ামখনৰ । কিন্তু আজিলৈ ষ্টেডিয়ামখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ নুঠিল । ৰহস্যজনক কাৰণত অৰ্ধনিৰ্মিত ষ্টেডিয়ামখন আজিলৈ তেনেকৈয়ে পৰি ৰ'ল । এতিয়া তাত হকী খেল খেলিবৰ বাবেও কোনো পৰিৱেশ নাই ।

কিন্তু সমীপৱৰ্তী বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে এতিয়া ষ্টেডিয়ামখন সুৰক্ষিত হৈ থকা নাই । কিয়নো বিদ্যালয়খনৰ প্ৰায় কাষতে লাগি থকা হাবি-জংঘলেৰে আৱৰি ধৰা অৰ্ধনিৰ্মিত পেভিলিয়নটো এতিয়া একাংশ নিচাসক্ত লোকৰ আড্ডাস্থলীত পৰিণত হৈছে (Illegal activities in Hockey stadium at Amoni)।

অসাধু চক্ৰটোৱে তাত ড্ৰাগছ, মদ, ভাং আৰু জুৱাৰ আড্ডা আৰম্ভ কৰিছে । যাৰ ফলত বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বহু পৰিমাণে নষ্ট হোৱাৰ অভিযোগ উঠিছে । চক্ৰটোৱে বিদ্যালয়খনত প্ৰায়ে লুটপাত চলাই আহিছে বুলিও অভিযোগ উঠিছে । কিন্তু এই ক্ষেত্ৰত আৰক্ষী আৰু প্ৰশাসনে আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

কংগ্ৰেছৰ কাৰ্যকালত নিৰ্মাণ আৰম্ভ হোৱা হকী ষ্টেডিয়ামখনৰ কাম আজিলৈ সম্পূৰ্ণ নোহোৱাত সেই স্থান এতিয়া অসামাজিক কাৰ্যকলাপৰ ঘাটিত পৰিণত হৈছে । সেয়েহে এনে কাৰ্যকলাপ বন্ধ কৰাৰ ক্ষেত্ৰত আৰক্ষী তথা প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে বিভিন্ন দল সংগঠনে । লগতে ষ্টেডিয়ামখনৰ কাম সম্পূৰ্ণ কৰি তাত ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তুলিবলৈ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে চৰকাৰক দাবী জনাইছে ।

লগতে পঢ়ক :ন্যায্য প্ৰাপ্তিৰ দাবীত ধলাগুৰি চাহ বগিছাত শ্ৰমিকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details