অসম

assam

ETV Bharat / state

IED Recovered in Nagaon: কি পালে নিশা ৰণথলীত উপস্থিত হোৱা বোমা বিশেষজ্ঞৰ দলে? - নগাঁৱৰ ৰণথলীত উদ্ধাৰ বোমা

নগাঁৱৰ ৰণথলীত উপস্থিত বোমা বিশেষজ্ঞৰ এটি দল(Bomb disposal Expert team visit Nagaon) । বোমা বিশেষজ্ঞ দলে পৰীক্ষা কৰে পথাৰত উদ্ধাৰ হোৱা বোমা দুটা । বোমা দুটা আই ই ডি হয় বুলিয়েই নিশ্চিত হৈছে বিশেষজ্ঞৰ দল । বোমা দুটাৰ পৰা পৃথক কৰে ডিট'নেটৰ । ইয়াল লগতে অৱসান ঘটে দিনজোৰা আতংকৰ ।

ied recovered in nagaon assam
নগাঁৱৰ ৰণথলীত ৰজাভেটিৰ পথাৰ

By

Published : Feb 5, 2022, 11:45 AM IST

নগাঁও, 5 ফেব্ৰুৱাৰী :নগাঁৱৰ ৰণথলীৰ ৰজাভেটি পথাৰত শুকুৰবাৰৰ পুৱা দুটাকৈ বোমা উদ্ধাৰৰ(IED recovered in Nagaon) পাছত সৃষ্টি হোৱা আতংকৰ অৱশেষত অৱসান ঘটিল । শুকুৰবাৰে পুৱাই পথাৰত জে চি বিৰে মাটি খান্দি থকা সময়তে মাটিৰ তলৰ পৰা উদ্ধাৰ হৈছিল দুটাকৈ বোমা সদৃশ সামগ্ৰী(Powerful explosive device recovered in Nagaon) । উদ্ধাৰ হোৱা সামগ্ৰী দুটা বোমা বুলিয়েই সন্দেহ হোৱাত এক আতংকময় পৰিবেশ বিৰাজ কৰে সমগ্ৰ নগাঁৱত ।

নগাঁৱৰ ৰণথলীত ৰজাভেটিৰ পথাৰ

নগাঁও চহৰৰ পৰা মাত্ৰ ৮-৯ কিলোমিটাৰ নিলগৰ ৰণথলী ৰজাভেটিৰ পথাৰত বোমা উদ্ধাৰ হোৱাৰ খৱৰ বিয়পি পৰাৰ লগে লগেই উপস্থিত হয় আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ লোক । প্ৰথমেই বোমা দুটা বোমা ব্লেংকেটৰ সহায়ত ঢাকি ৰখা হয় । ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য অব্যাহত থকাৰ মাজতে শুকুৰবাৰৰ নিশা সেইস্থানত উপস্থিত হয় বোমা বিশেষজ্ঞৰ এটা দল(Bomb disposal Expert team visit Nagaon) ।

নগাঁৱৰ ৰণথলীত ৰজাভেটিৰ পথাৰ

বোমা বিশেষজ্ঞৰ দলে প্ৰথমে বৃহৎ এলেকা সামৰি ব্যৱস্থা কৰে বেৰিকেডৰ । সকলো লোকৰ প্ৰৱেশ নিষিদ্ধ কৰি পৰীক্ষা কৰে সন্দেহজনক বোমা দুটা । বোমা বিশেষজ্ঞৰ দলে পৰীক্ষা-নিৰীক্ষা কৰাৰ অন্তত বোমা দুটা আই ই ডি বুলিয়েই নিশ্চিত হোৱা বুলি জানিব পৰা গৈছে । অৱশ্যে বোমা দুটা সক্ৰিয় নহয় বুলিও নিশ্চিত হয় বোমা বিশেষজ্ঞৰ দলটো ।

নগাঁৱৰ ৰণথলীত ৰজাভেটিৰ পথাৰ

বোমা দুটা প্ৰায় দুই তিনি দশক পূৰ্বেই এই স্থানত পুতি থোৱা হৈছিল বুলিও ধাৰণা কৰিছে বিশেষজ্ঞৰ দলটো । বোমা দুটাৰ পৰা পৃথক কৰি দিয়ে ডিট'ৰনেটৰ । লগে লগে দিনজোৰা বোমা আতংকৰ পৰা অৱসান ঘটে । উল্লেখযোগ্য যে, প্ৰায় তিনি দশক পূৰ্বে উগ্ৰপন্থী সংগঠন আলফাৰ ঘাটি হিচাপে চিহ্নিত আছিল ৰণথলী ৰজাভেটি অঞ্চল । সেই সময়তেই আলফাই মাটিৰ তলত পুতি থোৱা বোমা দুটা এনে অৱস্থাতে আছিল বুলি ধাৰণা কৰিছে স্থানীয় লোকে ।

লগতে পঢ়ক :নগাঁৱৰ ৰণথলীত উদ্ধাৰ দুটাকৈ সন্দেহজনক বোমা

ABOUT THE AUTHOR

...view details