কলিয়াবৰ, ১৪ আগষ্ট:ঐতিহ্যমণ্ডিত কলিয়াবৰক এক নতুন ৰূপত তুলি ধৰিবলৈ কলিয়াবৰ মহকুমা প্ৰশাসনৰ বিশেষ পদক্ষে গ্ৰহণ কৰিছে । কলিয়াবৰৰ ইতিহাস,প্ৰাকৃতিক-সাংস্কৃতিক-সামাজিক-সামাজিক ছবিখন ৰাজ্য়ৰ লগতে বিশ্বত দাঙি ধৰাৰ প্ৰয়াসৰ অংশ ৰূপে 'আই লাভ কলিয়াবৰ'(I love Kaliabar signage released) স্মাৰক দেওবাৰে মুকলি কৰে মন্ত্ৰী কেশৱ মহন্তই(Minister Keshab Mahanta)। স্বাধীনতাৰ অমৃত মহোৎসৱৰ(Azadi ka Amrit Mahotsav)লগত সংগতি ৰাখি 'আই লাভ কলিয়াবৰ' স্মাৰক মুকলি কৰা হয় । তেওঁ পুনৰ কয় যে স্বাধীনতাৰ অমৃত মহোৎসৱত ৰাজ্য,দেশ তথা বিশ্বৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৰূপে দাঙি ধৰাৰ প্ৰয়াস কৰিছে কলিয়াবৰ মহকুমা প্ৰশাসনে । এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত মন্ত্ৰী মহন্তই স্বাধীনোত্তৰ কালত কলিয়াবৰ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা প্ৰয়াত জনপ্ৰতিনিধি সকলৰ স্মৃতিত স্মাৰক নিৰ্মাণৰ পৰিকল্পনাৰ কথা ঘোষণা কৰে।
কলিয়াবৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথৰ কাষত কুঁৱৰীটোলৰ শ্ৰীশ্ৰীবগাজন সত্ৰত (Sri Sri Bagajan Satra)স্থাপন কৰা সুদৃশ্য স্মাৰক মুকলি কৰি মন্ত্ৰী মহন্তই এনে পদক্ষেপে কলিয়াবৰৰ নৱ-প্ৰজন্মক নিজ ঠাইখনৰ প্ৰতি দায়িত্বশীল কৰি তুলিব বুলি আশা প্ৰকাশ কৰে । স্মাৰকখনৰ তলৰ দেৱালত সংলগ্ন কৰা হৈছে ৰঞ্জিত সিংহই নিৰ্মাণ কৰি উলিওৱা কলিয়াবৰক প্ৰতিনিধিত্ব কৰা কেইবাটাও আকৰ্ষণীয় ভাস্কৰ্য্য । স্বাধীনোত্তৰ কালত কলিয়াবৰ বিধানসভাক প্ৰতিনিধিত্ব কৰা প্ৰয়াত জনপ্ৰতিনিধি লীলাকান্ত বৰা,অতুল গোস্বামী,গোলাপ বৰুৱা আৰু বলোৰাম নাগৰ(Former MLA Boloram Nag)স্মৃতি ৰক্ষাৰ্থে মন্ত্ৰী কেশৱ মহন্তই বিশেষ পদক্ষেপ ল'ব বুলি কয় । ভাষণ প্ৰসংগত তেওঁ কয় যে ইতিমধ্যে কলিয়াবৰৰ প্ৰথমগৰাকী বিধায়কৰ স্মৃতি ৰক্ষাৰ্থে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।