অসম

assam

ETV Bharat / state

হেলমেট পৰিধানৰ সজাগতা সৃষ্টিৰে বটদ্ৰৱাত বহিঃৰাজ্য়ৰ বাইক আৰোহী - সজাগতা

‘হেলমেট পৰিধান কৰক নিজৰ লগতে পৰিয়াল বচাওক’ শীৰ্ষক শ্ল’গানেৰে সোমবাৰে বটদ্ৰৱাত উপস্থিত এজন হায়দৰাবাদৰ যুৱ বাইক আৰোহী ৷ গুৰুজনাৰ জন্মস্থানত আশিস লৈ সকলোকে হেলমেট পৰিধান কৰি বাইক চলাবলৈ অনুৰোধ জনায় যুৱ বাইক আৰোহীজনে ৷

hyderabadi bike rider
বহিঃৰাজ্য়ৰ বাইক আৰোহী

By

Published : Jan 25, 2021, 9:35 PM IST

চামগুৰি,25 জানুৱাৰী : হেলমেট পৰিধান কৰি নিজৰ লগতে পৰিয়াল বচাওক সজাগতা সৃষ্টিৰে সোমবাৰে নগাঁৱৰ বটদ্ৰৱাত উপস্থিত হয় এজন হায়দৰাবাদৰ যুৱ বাইক আৰোহী ৷ ‘হেলমেট পৰিধান কৰক নিজৰ লগতে পৰিয়াল বচাওক’ শীৰ্ষক শ্ল’গানেৰে সমগ্ৰ ভাৰতবৰ্ষত বাইকেৰেৰে সজাগতা সৃষ্টিৰ লক্ষ্যৰে যুৱ বাইক আৰোহী সধন ভৱন পল্লীয়ে উপস্থিত হৈছে গুৰুজনাৰ জন্মস্থান শ্ৰী শ্ৰী বটদ্ৰৱা থানত ।

বহিঃৰাজ্য়ৰ বাইক আৰোহী

যি সময়ত নৱ প্ৰজন্মই বাইকৰ প্ৰতি আগ্ৰহী হৈ নিজৰ সৈতে এখন বাইক ৰখাতো প্ৰয়োজনীয় হিচাপে ভাবি লৈছে, তেনে সময়ত নিজৰ জীৱনৰ বাবে অতি মূল্যৱান এটি হেলমেট পৰিধান কৰাত সদায় অনীহা প্ৰকাশ কৰা দেখা যায় নৱ প্ৰজন্মক । গুৰুজনাৰ জন্মস্থানত আশিস লৈ অভিভূত হৈ পৰা বুলি উল্লেখ কৰাৰ লগতে অসমীয়া সংস্কৃতিৰ ভূয়সী প্ৰশংসা কৰে বহিঃৰাজ্যৰ এইগৰাকী যুৱ বাইক আৰোহীয়ে ।

গুৰুজনাৰ জন্মস্থানৰ পৰাই সকলোকে হেলমেট পৰিধান কৰি বাইক চলাবলৈ অনুৰোধ জনায় বাইক আৰোহী সধন ভৱন পল্লীয়ে ।

লগতে পঢ়ক :শিলচৰত জোঁৰ সমদলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details