কলিয়াবৰত পত্নীসহ তিনি কন্যাক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা পিতৃৰ - Kaliabar Silghat man murder wife and child
12:36 March 15
অসম সমবায় মৰাপাট কলৰ আবাসিক এলেকাত সংঘটিত হৈছে লোমহৰ্ষক ঘটনা।
কলিয়াবৰ, 15 মাৰ্চঃকলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ আবাসিক এলেকাত সংঘটিত হৈছে লোমহৰ্ষক ঘটনা। শনিবাৰে নিশা পত্নীসহ তিনি কন্যাক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে জয়ন্ত কুমাৰ বৰ্মন নামৰ এজন লোকে । হত্যাকাণ্ড সংঘটিত কৰিয়েই উক্ত স্থানৰ পৰা পলায়ন কৰে জয়ন্ত কুমাৰ বৰ্মনে । স্বামীৰ হাতত নিহত মহিলাগৰাকী বজয়ন্তী বৰ্মন, লগতে তিনি কন্যা নিকিতা বৰ্মন (১২), ভাস্বতী বৰ্মন (১০) আৰু নিবেদিতা বৰ্মন (৬)। উল্লেখযোগ্য যে, নিকিতা আৰু ভাস্বতী শিশু বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়, কুঁৱৰীটোলৰ ক্ৰমে সপ্তম আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী আছিল ।
দেওবাৰে পুৱা মৰাপাট কলটোৰ চৌহদতে থকা মিল কলনিৰ লোকে আৰক্ষীক খবৰ দিয়াৰ পাচতে ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ এখন চুৰি উদ্ধাৰ কৰে। জানিব পৰা মতে, মৰাপাট কলৰ কৰ্মচাৰী হিচাপে পৰ্যাপ্ত বেতন লাভ কৰে জয়ন্ত কুমাৰ বৰ্মনে। কিন্তু, জয়ন্ত কুমাৰ বৰ্মনৰ একাংশ সতীৰ্থৰ পৰা লাভ কৰা তথ্য অনুসৰি, অত্যাধিক ধাৰত পোত খাই আছে জয়ন্ত । জুৱা-তীৰ খেলত ডুব খাই থকা বাবে অত্যাধিক ধাৰৰ বোজা বহন কৰিবলৈ আছে জয়ন্ত কুমাৰ বৰ্মনে। ধাৰৰ বোজাই সৃষ্টি কৰা মানসিক অশান্তিতেই এই ঘটনা সংঘটিত কৰাৰ সন্দেহ স্থানীয় লোকৰ।