অসম

assam

ETV Bharat / state

Terrible incident for Dowry: ৰূপহীহাটত যৌতুকৰ বাবেই পত্নীক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ স্বামীৰ বিৰুদ্ধে - Horrific incident in Rupahihat Nagao

নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ খাটোৱালত সংঘটিত হৈছে এই অমানৱীয় কাণ্ড ৷ ছাদেৰ আলী নামৰ লোকজনে নিজ পত্নীক জ্বলাই দিয়াৰ অভিযোগ উঠিছে । জানিব পৰা মতে, দুবছৰ আগত ছাদেৰ আলী নামৰ লোকজনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল মৰ্জিনা খাতুন । কিন্তু যৌতুকৰ বাবে দুয়োৰে মাজত সঘনাই সংঘটিত হৈছিল কাজিয়াৰ (Husband accused of burning wife for dowry in Rupahihat) ।

a
a

By

Published : Jul 19, 2022, 7:14 PM IST

নগাঁও, ১৯ জুলাই :ৰাজ্যত সংঘটিত হৈছে যৌতুকৰ বাবে আন এক ভয়ংকৰ ঘটনা (terrible incident for dowry in Assam) । ৰূপহীহাটৰ উত্তৰ খাটোৱালত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড (Horrific incident in Rupahihat Nagao) । স্বামীয়ে জ্বলাই দিলে নিজ পত্নীক (Husband burns his wife) । এই সন্দৰ্ভত ইতিমধ্যে স্বামীৰ ওপৰত ৰূপহীহাট আৰক্ষী থানাত গোচৰ তৰা হৈছে । বৰ্তমান স্বামী পলাতক ।

নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ খাটোৱালত সংঘটিত হৈছে এই অমানৱীয় কাণ্ড ৷ ছাদেৰ আলী নামৰ লোকজনে নিজ পত্নীক জ্বলাই দিয়াৰ অভিযোগ উঠিছে । জানিব পৰা মতে, দুবছৰ আগত ছাদেৰ আলী নামৰ লোকজনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল মৰ্জিনা খাতুন । কিন্তু যৌতুকৰ বাবে দুয়োৰে মাজত সঘনাই সংঘটিত হৈছিল কাজিয়াৰ (Husband accused of burning wife for dowry in Rupahihat) ।

ৰূপহীহাটত যৌতুকৰ বাবেই পত্নীক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ স্বামীৰ বিৰুদ্ধে

ফলত যোৱা দেওবাৰে নিশা স্বামী ছাদেৰ আলীয়ে মৰ্জিনা খাতুনক নিশা শুই থকা অৱস্থাতে ঘৰটোত বাহিৰৰ পৰা তলা মাৰি জ্বলাই দি পলায়ন কৰা বুলি জানিব পৰা গৈছে । ইয়াৰ পিছত ঘৰৰ ভিতৰতে অগ্নিদগ্ধ হোৱা মহিলাগৰাকীক নিশাই স্থানীয় ৰাইজে নগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও সোমবাৰে বিয়লি মহিলাগৰাকীৰ মৃত্যু হয় ।

মৃত মহিলাগৰাকীৰ পৰিয়ালে ৰূপহীহাট আৰক্ষী থানাত স্বামী ছাদেৰ আলীৰ বিৰুদ্ধে গোচৰ তৰে । অৱশ্যে বৰ্তমানলৈকে ছাদেৰ আলীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক :Manikpur Child Patient: আমাক সহায় কৰক... পুত্ৰৰ প্ৰাণভিক্ষা বিচাৰি অসহায় মাতৃৰ কাতৰ অনুৰোধ

ABOUT THE AUTHOR

...view details