নগাঁও, 22 ডিচেম্বৰ: সোমবাৰে বটদ্ৰৱাৰ এহেজাৰ বিঘা ভূমিত এহেজাৰ নিৰাপত্তাৰক্ষী নিয়োগ কৰি উচ্ছেদ চলাইছিল নগাঁও জিলা প্ৰশাসনে । য'ত 302 টা পৰিয়ালে বেদখল কৰি বসবাস কৰি আছিল দীৰ্ঘদিনৰ পৰা । বটদ্ৰৱাৰ বৃহৎ চৰকাৰী ভূমি উচ্ছেদৰ বাবে জিলা প্ৰশাসনে বিগত এসপ্তাহৰ পৰাই চলাইছিল ব্যাপক প্ৰস্তুতি (eviction of Batdrava) । বিশাল আৰক্ষী বাহিনীৰ ফ্লেগমাৰ্চৰ অন্তত অৱশেষত সোমবাৰে উচ্ছেদ চলাইছিল প্ৰশাসনে ।
উচ্ছেদ চলোৱাৰ পূৰ্বেই বটদ্ৰৱাৰ চৰকাৰী ভূমিত থকা 230 টা পৰিয়াল নিজেই বাসগৃহ ভাঙি আঁতৰি গৈছিল । কিন্তু ইয়াৰে 72 টা পৰিয়ালক প্ৰশাসনে বুল্ডজাৰৰ সহায়ত উচ্ছেদ কৰিছিল । বটদ্ৰৱাৰ শান্তিজান বজাৰ, হাইডুবি, লালুং বস্তি আদিত অভিযান উচ্ছেদ কৰা হৈছিল 72 টা পৰিয়ালক । সম্প্ৰতি গৃহহীন কেইবাটাও পৰিয়াল আছে পথৰ দাঁতিৰ মুকলি আকাশৰ তলত । বাসস্থানৰ অভাৱত হাহাকাৰ কৰিছে একাংশ উচ্ছেদিত পৰিয়ালে ।
তাৰ মাজতে বটদ্ৰৱাৰ উচ্ছেদ প্ৰসংগক লৈ নগাঁও জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে মানৱ অধিকাৰ আয়োগে (Human Rights Commission)। বটদ্ৰৱা উচ্ছেদৰ প্ৰতিবেদন বিচাৰি নগাঁও জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যিক মানৱ অধিকাৰ আয়োগে । অহা 18 জানুৱাৰীৰ ভিতৰত প্ৰতিবেদন বিচাৰিছে মানৱ অধিকাৰ আয়োগে (HRC seeks report on Batadrava eviction) ।
উল্লেখ্য যে, সোমবাৰে পুৱাৰ পৰা নিশা পৰ্যন্ত জিলা প্ৰশাসনে উচ্ছেদ চলাই বটদ্ৰৱাৰ মুঠ 11 শ বিঘা চৰকাৰী ভূমি কৰে বেদখলমুক্ত । বটদ্ৰৱাৰ ভোমোৰাগুৰি, হাইডুবি, লালুং বস্তিৰ চৰকাৰী ভূমিত বেদখল কৰিছিল মুঠ 302 টা পৰিয়ালে (Encroachment at Batadrava) । ইয়াৰে 230 টা পৰিয়ালে প্ৰশাসনৰ জাননী লাভ কৰিয়েই বেদখল কৰা স্থান এৰি আঁতৰি গৈছিল ।