ৰহা, 25 এপ্ৰিল : ৰহাৰ চাপৰমুখত আৰক্ষীৰ বৃহৎ অভিযান ৷ এই অভিযানত জব্দ কৰা হৈছে কোটি টকা মূল্যৰ গাঞ্জা ৷ প্ৰাপ্ত তথ্য অনুসৰি, চাপৰমুখ ৰে’ল ষ্টেচনত চলোৱা নগাঁও আৰক্ষীৰ অভিযানত আগৰতলা-মধ্যপ্ৰদেশ হাবিবগঞ্জ ৰাণী কমলাপতি এক্সপ্ৰেছ নামৰ যাত্ৰীবাহী ৰে’লখনৰ পৰা জব্দ কৰা হয়(Cannabis seized in Chaparmukh) প্ৰায় এক কুইণ্টল গাঞ্জা ৷
ৰে’লখনৰ D-1, D-2 ডবাত লুকুৱাই অনা হৈছিল এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি ৷ জানিব পৰা মতে, সোমবাৰে নিশা 2 বজাৰ পৰা নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলাইছিল এই অভিযান ৷ ৰে’লখনৰ ডবাৰ পানীৰ টেংকীৰ ভিতৰত লুকুৱাই অনা হৈছিল এই গাঞ্জাখিনি ৷