কলিয়াবৰ,17 আগষ্ট:নগাঁও জিলাৰ কলিয়াবৰত উদ্ধাৰ কৰা হৈছে এডাল বৃহৎ অজগৰ ৷ কলিয়াবৰৰ সোণাৰী চাহ বাগানৰ অন্তৰ্গত তপাহলাত ছাগলী ভক্ষণ কৰি থকা অৱস্থাত অজগৰডাল উদ্ধাৰ কৰে প্ৰকৃতিপ্ৰেমী যুৱক সঞ্জীৱ ডেকাই ৷ উদ্ধাৰ হোৱা প্ৰায় ১৭ ফুট দৈৰ্ঘ্যৰ অজগৰডালৰ এজন 50 কিলোগ্ৰামতকৈও অধিক বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত স্থানীয় বন বিভাগৰ লোক উপস্থিত হৈ প্ৰকৃতিপ্ৰেমী যুৱকগৰাকীৰ সহযোগত অজগৰডাল মুকলি কৰি দিয়ে শিলঘাটৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত ৷
কলিয়াবৰত 17 ফুট দৈৰ্ঘ্যৰ অজগৰ উদ্ধাৰ - শিলঘাট কামাখ্য সংৰক্ষিত বনাঞ্চল
কলিয়াবৰত উদ্ধাৰ কৰা হৈছে এডাল বৃহৎ অজগৰ ৷ ছাগলী ভক্ষণ কৰি থকা অৱস্থাত অজগৰডাল উদ্ধাৰ কৰে প্ৰকৃতিপ্ৰেমী যুৱক সঞ্জীৱ ডেকাই ৷

কলিয়াবৰত অজগৰ উদ্ধাৰ