নগাওঁ,12 ডিচেম্বৰঃ কেবৰ বিৰুদ্ধে নগাঁৱত বৃহস্পতিবাৰে ওলাই আহে লক্ষাধিক প্ৰতিবাদকাৰী ৷ প্ৰতিবাদকাৰীসকলে কঁপাই তোলে নগাঁও নেহেৰুবালিৰ বাকৰি ৷ শিল্পী, সাহিত্যিক, লেখক, সাংবাদিক, ছাত্ৰ আৰু কৰ্মচাৰী সমন্বিতে সকলো জনসাধাৰণ ওলাই আহে চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বাহিৰে ৷ লোকে লোকৰণ্য হৈ পৰে কলঙৰ বাকৰি ৷ বিগত কিছুদিনৰ পৰা চলা অসমবাসীৰ ধাৰাবাহিক আন্দোলন, প্ৰতিবাদক ভেঙুচালি কৰি বুধবাৰে ৰাজ্যসভাত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পিছত দুগুণ উত্তেজিত হৈ পৰিছে জনসাধাৰণ ৷
কেবৰ বিৰুদ্ধে নগাঁৱৰ নেহেৰুবালিত সমৱেত লক্ষাধিক জনতা ওলাই আহিল - অ’ মোৰ আপোনাৰ দেশ
নগাঁৱৰ নেহেৰুবালিত পুৱাৰ ভাগত লক্ষাধিক জনতা সমৱেত,কেবৰ বিৰুদ্ধে সমবেত লক্ষাধিক লোক,কৃষ্ণমণি নাথে কেব বিৰোধী গীত সৃষ্টি কৰি উক্ত প্ৰতিবাদী কাৰ্যসূচীত পৰিৱেশন কৰে,স্থানীয় শিল্পী,সাহিত্যিক,লেখক তথা সাংবাদিকৰ আহ্বান স্বৰূপে ওলাই আহে প্ৰতিজন অসমীয়া

নগাঁৱৰ স্থানীয় শিল্পী, সাহিত্যিক, লেখক তথা সাংবাদিকৰ আহ্বান স্বৰূপে ওলাই আহে প্ৰতিজন অসমীয়া । নগাঁৱৰ নেহেৰুবালিত পুৱাৰ ভাগত লক্ষাধিক জনতা সমৱেত হোৱা পৰিলক্ষিত হয় ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে নগাওঁ ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল-সংগঠনে ৷ প্ৰতিবাদী দলটোৱে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে আকাশ-বতাহ । কাৰ্যসূচীটোৰ অন্তত দলটোৱে অনুষ্ঠিত কৰে এক প্ৰতিবাদী সভাৰ । চৰকাৰে বলপূৰ্বক কেব জাপি দিলেওঁ অসমীয়াই কোনো কাৰণতে ইয়াক গ্ৰহণ নকৰে বুলি হুংকাৰ দিয়ে প্ৰতিবাদী দলটোৱে ৷ প্ৰতিবাদৰ অন্তত সমবেত লক্ষাধিক লোকে জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ পৰিৱেশন কৰে । শিল্পী কৃষ্ণমণি নাথে কেব বিৰোধী গীত সৃষ্টি কৰি উক্ত প্ৰতিবাদী কাৰ্যসূচীত পৰিৱেশন কৰে ৷
লগতে চাওকঃবিজেপিৰ পৰা পদত্যাগ যতীন বৰাৰ