অসম

assam

By

Published : May 20, 2021, 9:47 PM IST

ETV Bharat / state

বজাৰৰ অভাৱত পথাৰতে পচিছে কৃষকৰ উৎপাদিত ফচল

ক’ভিড সৃষ্ট পৰিবেশৰ বাবে এতিয়া হাহাকাৰ কৰিছে ৰাজ্যৰ ক্ষুদ্ৰ খেতিয়ক সকলে ৷ আংশিক লকডাউনৰ ফলত হোৱা বজাৰৰ অভাৱ, ক'ভিডৰ আতংক ইত্যাদিৰ পাচলি সমূহ বিক্ৰি কৰিব নোৱাৰাৰ ফলত খেতি পথাৰতে গেলি-পচি গৈছে ৰূপহীহাট সমষ্টিৰ একাংশ কৃষকৰ উৎপাদিত ফচল ৷

বজাৰৰ অভাৱত পথাৰতে পচিছে কৃষকৰ উৎপাদিত ফচল
বজাৰৰ অভাৱত পথাৰতে পচিছে কৃষকৰ উৎপাদিত ফচল

ৰূপহীহাট, 20 মে' :ক'ভিডৰ ভয়াবহতা প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে জাৰি কৰা ল'কডাউন, কাৰ্ফিউৱে দেশৰ লগতে ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰু ক্ষুদ্ৰ খেতিয়ক সকলৰ বাবে হাহাকাৰ পৰিবেশ সৃষ্টি কৰিছে ৷ ল'কডাউন তথা প্ৰশাসনে জাৰি কৰা কঠোৰ ক'ভিড প্ৰট'কলৰ বাবে বজাৰ তথা ব্যৱসায়ী সকলৰ ক্ষেত্ৰত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ যাৰ ফলস্বৰূপে বৃহৎ লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ ক্ষুদ্ৰ খেতিয়ক সকল ৷

বজাৰৰ অভাৱত পথাৰতে পচিছে কৃষকৰ উৎপাদিত ফচল

কপালৰ ঘাম মাটিত পেলাই কঠোৰ সংগ্ৰামেৰে জীৱন উদযাপন কৰা কৃষক ৰাইজৰ বাবে এই সময়ছোৱা অতি জটিল হৈ পৰিছে ৷ নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ জুৰীয়াৰ সুতিৰপাৰ, কাষৰি গাঁও, গদাইমাৰি, লালুং গাঁৱৰ কৃষক ৰাইজে বজাৰৰ অভাৱত এতিয়া উৎপাদিত সামগ্ৰীক লৈ হাহাকাৰ কৰিবলগীয়া হৈছে ৷

ক'ভিডৰ আতংক আৰু বজাৰৰ অভাৱৰ ফলত খেতি পথাৰতে গেলি-পচি গৈছে ৰূপহীহাট সমষ্টিৰ কৃষকৰ উৎপাদিত ফচল ৷ ইয়াৰ পৰিপেক্ষিতত উৎপাদিক ফচলৰ 80 শতাংশই পেলাই দিয়াৰ লগতে পোহনীয়া গৰু-ছাগলীক খোৱাবলৈ বাধ্য হৈ পৰিছে খেতি সকল ৷

তদুপৰি খেতিয়ক সকলে উচিত মূল্য লাভ কৰাটো বাদেই, প্ৰতিকেজি বিলাহী এটকা-দুটকাতে বিক্ৰী কৰিবলগীয়া হৈছে ৷ ইফালে, বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰাও কোনা সহাৰি বা সাহাৰ্য লাভ কৰা নাই খতিয়কলে ৷ ৰূপহীহাট সমষ্টিৰ প্ৰতিজন খেতিয়কেই এই পৰিস্থিতিত কিছু সাহাৰ্য দিবলৈ চৰকাৰক জনাইছে আহ্বান ৷

লগতে পঢ়ক: ক‘ভিড-19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

ABOUT THE AUTHOR

...view details