ডিফু, ৮ মার্চ : নির্বাচনী অধিসূচনা বলবৎ হােৱাৰ পিছৰে পৰা কার্বি আংলঙব ৰাষ্ট্রীয় ঘাইপথত আৰক্ষীয়ে বুজন পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে । দেওবাৰে বিয়লিৰ ভাগতো বকলীয়াঘাট আৰক্ষীয়ে তালাচী চলাই নগদ ২.১ লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছে ।
বকলীয়াঘাটত ২.১ লাখ টকা জব্দ আৰক্ষীৰ - নগদ ধন জব্দ
কার্বি আংলঙৰ ৰাষ্ট্রীয় ঘাইপথত বুজন পৰিমাণৰ নগদ ধন জব্দ কৰে আৰক্ষীয়ে ৷ বকলীয়াঘাট আৰক্ষীয়ে তালাচী চলাই নম্বৰপ্লেট বিহীন এখন বগা বঙৰ বলেৰ' বাহনৰ পৰা জব্দ কৰে ধনখিনি ৷

বকলীয়াঘাটত ২.১ লাখ টকা জব্দ আৰক্ষীৰ
প্রাপ্ত তথ্য অনুসৰি, বকলীয়াঘাটৰ ৰূকাছেন মহাবিদ্যালয়ৰ সমীপত ৩৬ নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত বকলীয়াঘাট আৰক্ষীয়ে তালাচী অভিযান অব্যাহত ৰখাৰ সময়তে নম্বৰপ্লেট বিহীন এখন বগা বঙৰ বলেৰ' বাহনৰ পৰা উল্লিখিত পৰিমাণৰ ধনৰাশি জব্দ কৰা হয় । ধনখিনি মণিপুৰৰ আবক্ষীৰ লােকে সৰবৰাহ কৰি অনা বুলি জানিব পৰা গৈছে । উদ্ধাৰ হােৱা ধনসমূহৰ বিপৰীতে কোনাে বৈধ নথি প্রদর্শন কৰিব পৰা নাই বুলি জানিব পবা গৈছে ।
লগতে পঢ়ক: কলিয়াবৰত অগপ নেতা কেশৱ মহন্তৰ মনোনয়ন পত্ৰ দাখিল