অসম

assam

By

Published : Jan 4, 2020, 11:02 PM IST

ETV Bharat / state

অসমীয়াৰ গণ সমাৱেশত কঁপিল নগাঁও

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁৱৰ নেহেৰুৱালীত বিশাল গণ সমাৱেশ ৷ অংশগ্ৰহণ কৰে ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, লুৰিণজ্যোতি গগৈকৈ,পলাশ চাংমাইকে ধৰি সহস্ৰাধিক লোকে ৷

Huge CAA protest at Nagaon
অসমীয়াৰ গণসমাৱেশ কঁপিল নগাঁও

নগাঁও,4 জানুৱাৰীঃ নতুন বৰ্ষ আহিল কিন্তু অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমীয়াৰ গৰ্জন ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁৱৰ নেহেৰুৱালীত বিশাল গণসমাৱেশ ৷ প্ৰায় 50 সহস্ৰাধিক জনগণৰ উপস্থিতিত চৰকাৰৰ বিৰুদ্ধে গৰজিল শিল্পী,সাংবাদিককে ধৰি জাতীয় সংগঠনৰ নেতাই ৷ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য,সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ তথা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাইয়ে হুংকাৰ প্ৰদান কৰিলে চৰকাৰৰ বিৰুদ্ধে ৷ অখিল গগৈৰ গ্ৰেপ্তাৰক স্পষ্ট ভাষাৰে তীব্ৰ গৰিহণা প্ৰদান কৰে ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷ লগতে নাগৰিকত্ব আন্দোলনত গ্ৰেপ্তাৰ হোৱা সকলো নেতাৰ বিনাচৰ্তে মুক্তিৰ দাবী উত্থাপন কৰে ড৹ ভট্টাচাৰ্যই ৷

অসমীয়াৰ গণসমাৱেশ কঁপিল নগাঁও

আনহাতে চৰকাৰ যদি নিজৰ স্থিতিৰ পৰা এক ইঞ্চিও পিছুৱাই নাযায় তেন্তে আমিও বিন্দু মাত্ৰও পিছুৱাই নাযাও এই আন্দোলনৰ পৰা এই মন্তব্য আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ। লগতে আগন্তুক নিৰ্বাচনত এশখন আসন পাব বুলি কোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো প্ৰত্যুত্তৰ দিয়ে লুৰিণজ্যোতি গগৈয়ে। ইয়াৰোপৰি অবৈধ বিদেশীৰ ভোটেৰে গাদী সুৰক্ষা কৰিব বিচাৰিছে চৰকাৰে বুলি মন্তব্য প্ৰদান কৰে সম্পাদকগৰাকীয়ে । হিমন্তই কেৱল ক্ষমতাৰ লোভত জাতি বিক্ৰী কৰিবলৈ ওলাইছে বুলিও মন্তব্য লুৰিণজ্যোতি গগৈৰ ।

কলঙৰ বাকৰি নেহেৰুৱালীত অনুষ্ঠিত প্ৰতিবাদী গণসমাৱেশৰ পৰাই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাইয়ে চৰকাৰৰ বিৰুদ্ধে উদাত্ত ভাষণ দিয়াৰ লগতে 50 সহস্ৰাধিক লোকৰ সৈতে খেলো ইণ্ডিয়া ভাগো মোডী ধ্বনিৰে উত্তাল কৰি তোলে ৷ আনহাতে এই গণ সমাৱেশৰ জৰিয়তে নাগৰিকত্ব আন্দোলনত গ্ৰেপ্তাৰ হোৱা সকলো নেতাৰ বিনাচৰ্তে মুক্তিৰ দাবীত জনোৱাৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গ্ৰহণ কৰে তিনিটাকৈ প্ৰস্তাৱ।

আৰু পঢ়কঃশিৱসাগৰ ঐতিহাসিক বৰপুখুৰীৰ পাৰত মানৱ শৃংখল

ABOUT THE AUTHOR

...view details