অসম

assam

ETV Bharat / state

Morphine seized in Nagaon : নগাঁৱত প্ৰায় ৯ কোটি টকাৰ মৰ্ফিন জব্দ

দেওবাৰে নিশা নগাঁৱৰ জখলাবন্ধাত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় ১৮ কেজি ওজনৰ মৰ্ফিন (Morphine seized in Nagaon)। বিলাসী বাহনত অতি কৌশলেৰে সৰবৰাহ কৰা হৈছিল মৰ্ফিনখিনি । দুই সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

By

Published : Mar 6, 2023, 10:23 PM IST

Morphine seized in Nagaon
নগাঁৱত প্ৰায় ৯ কোটি টকাৰ মৰ্ফিন জব্দ

নগাঁৱত প্ৰায় ৯ কোটি টকাৰ মৰ্ফিন জব্দ

নগাঁও,৬ মাৰ্চ :অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে (Anti drugs operation in Assam)। বিগত কিছুদিন ধৰি নগাঁও আৰক্ষীয়েও ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে । তেনে সময়তে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী ।

দেওবাৰে নিশা নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত জখলাবন্ধা আৰক্ষীৰ সহযোগত ড্ৰাগছ বিৰোধী এক অভিযান চলোৱা হয় । এই অভিযানত কলিয়াবৰৰ জখলাবন্ধাৰ পৰা ৯ কোটিৰো অধিক টকাৰ মৰ্ফিন জব্দ কৰাৰ লগতে দুই কুখ্যাত ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী (Morphine worth around Rs 9 crore seized in Nagaon)।

নিশা নগাঁও আৰক্ষীয়ে জব্দ কৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীখিনি প্ৰথমে হেৰ'ইন বুলি সন্দেহ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত পৰীক্ষাৰ অন্তত জব্দ কৰা নিচাজাতীয় সামগ্ৰীসমূহ মৰ্ফিন বুলি নিশ্চিত কৰিছে নগাঁও আৰক্ষীয়ে । সোমবাৰে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৰক্ষী অধীক্ষক লীনা দলেয়ে এক সংবাদমেল সম্বোধন কৰি জব্দ কৰা মৰ্ফিন সন্দৰ্ভত বহু তথ্য সদৰি কৰে ।

কেইবা কোটি টকাৰ মৰ্ফিনখিনি সৰবৰাহৰ তথ্য এক গোপন সূত্ৰে লাভ কৰাৰ পাছত অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত অভিযান চলাই ১৮ কেজি ২৭০ গ্ৰাম মৰ্ফিন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো (Huge amount of morphine recovered in Nagaon)।

লগতে মৰ্ফিন সৰবৰাহ কৰা দুই ড্ৰাগছ মাফিয়া পিতা-পুত্ৰকো আটক কৰে আৰক্ষীৰ দলটোৱে । ধৃত ড্ৰাগছ মাফিয়া দুজন গুৱাহাটীৰ বশিষ্ঠৰ ৰঞ্জিত শ্বাহ আৰু আদিত্য কুমাৰ শ্বাহ বুলি জানিব পৰা গৈছে (Drugs peddler arrested in Nagaon)। লগতে মৰ্ফিন সৰবৰাহ কৰা বিলাসী বাহনখনো জব্দ কৰে আৰক্ষীয়ে । ৯ কোটিৰো অধিক টকাৰ মৰ্ফিন সৰবৰাহ কৰা দুই ড্ৰাগছ মাফিয়া আন্তৰ্জাতিক ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ সৈতে জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষক লীনা দলেই ।

ইফালে ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী ৰঞ্জিত শ্বাহ আৰু আদিত্য শ্বাহৰ পূৰ্বৰ ৰেকৰ্ড বিচাৰিছে নগাঁও আৰক্ষীয়ে । ধৃত দুই সৰবৰাহকাৰীক নগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰখাৰ লগতে ঘটনাটোৰ তদন্তৰ ক্ষেত্ৰত নগাঁও আৰক্ষীয়ে চি আই ডিৰ সহায় ল'ব বুলিও জনাইছে আৰক্ষী অধীক্ষক লীনা দলেই ।

লগতে পঢ়ক :Huge Quantity of Drugs seized: প্ৰায় 20 কোটি টকাৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পিতা পুত্ৰ

ABOUT THE AUTHOR

...view details