অসম

assam

ETV Bharat / state

Illegal liquor seized : ৰহাত সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান - Huge amount of illegal liquor seized at Raha

ৰহাত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ দেশীয় আৰু বিদেশী সুৰা (Illegal liquor seized at Raha) ৷ বিক্ৰীৰ বাবে মজুত কৰি ৰখা হৈছিল জব্দ কৃত সুৰাখিনি ৷

Huge-amount-of-illegal-liquor-seized-at-Raha
ৰহাত নিষিদ্ধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

By

Published : Jan 1, 2022, 1:56 PM IST

ৰহা, 1 জানুৱাৰী :অবৈধভাৱে বিক্ৰী হোৱা সুৰাৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে (Liquor seized in different parts of the state) ৰহাৰ ডিমৌত জব্দ কৰা হ'ল বৃহৎ পৰিমাণৰ বিদেশী আৰু দেশীয় সুৰা ৷ বিক্ৰীৰ বাবে মজুত কৰি ৰখা হৈছিল সুৰাখিনি ৷

উল্লেখ্য যে, 31 ডিচেম্বৰৰ দিনা ৰহা আৰক্ষী আৰু চাপৰমুখস্থিত আবকাৰী বিভাগৰ যুটীয়া অভিযানত ডিমৌৰ প্ৰশান্ত দাস নামৰ এজন লোকৰ বাসগৃহত বিক্ৰীৰ কাৰণে অবৈধভাৱে মজুত কৰি ৰখা প্ৰায় নব্বৈ হাজাৰ টকা মূল্যৰ দেশীয় আৰু বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটো ৷

ৰহাত নিষিদ্ধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

শেহতীয়াকৈ আৰক্ষী তথা আবকাৰী বিভাগে সুৰাপায়ী চালক আৰু অবৈধ সুৰাৰ বিৰুদ্ধে অঞ্চলটোত অব্যাহত ৰাখিছে অভিযান ৷ এই সন্দৰ্ভত ৰহা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ হাজৰিকাই জানিবলৈ দিয়া মতে, ডিমৌৰ এইগৰাকী ব্যক্তিয়ে দীৰ্ঘদিন ধৰি নিজ গৃহত বৃহৎ পৰিমাণৰ বিদেশী, দেশীয় সুৰা মজুত কৰি ৰাখিছিল ৷ এই খবৰ লাভ কৰি আৰক্ষীয়ে লোকজনৰ ঘৰত উপস্থিত হৈ সুৰাখিনি জব্দ কৰি লোকজনক আটক কৰে ৷

লগতে পঢ়ক :Illegal liquor seized : ৰাজ্যত ঠায়ে ঠায়ে জব্দ নিষিদ্ধ সুৰা

ABOUT THE AUTHOR

...view details