অসম

assam

ETV Bharat / state

চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ আৰক্ষীয়ে উদ্ধাৰ কৰিলে ভুৱা প্ৰমাণ পত্ৰ ভাণ্ডাৰ - huge amount of fake cartificate seized in nagaon

কেঁচু খান্দোতে ওলাল সাপ ৷ এটা চুৰিৰ গোচৰৰ তদন্ত কৰিবলৈ গৈ নগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰে ভুৱা প্ৰমাণ পত্ৰৰ এটা বৃহৎ ভাণ্ডাৰ ।

fake cartificate seized in nagaon
নগাঁৱত দ’মে দ’মে ওলাইছে ভুৱা প্ৰমাণ পত্ৰ

By

Published : Sep 30, 2021, 2:09 PM IST

নগাঁও, 30 ছেপ্তেম্বৰ :চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ নগাঁও আৰক্ষীয়ে লাভ কৰিলে বৃহৎ সফলতা । উৎখাত কৰিলে ভুৱা প্ৰমাণ পত্ৰৰ এক বৃহৎ চক্ৰ । জব্দ পাঁচ হাজাৰৰো অধিক ভুৱা ছিল-মোহৰ, বিদ্যালয়, বিশ্ববিদ্যালয়ৰ প্ৰমাণ পত্ৰ । নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাঙৰ নেতৃত্বত আৰক্ষীৰ দলে লাভ কৰিলে এই বৃহৎ সফলতা ।

নগাঁও চহৰৰ মধুপুৰত বুধবাৰে মাজনিশা আৰক্ষীৰ এটা অভিযানকাৰী দলে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বহু সংখ্যক ভুৱা প্ৰমাণপত্ৰ । গুৱাহাটী বিশ্ববিদ্যালয়, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ, ছেবা, অনুসূচিত জাতি, ভূমিৰ পঞ্জীয়ন, চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰমাণ পত্ৰ, বহু সংখ্যক ছীল মোহৰ, মাটিৰ জমা বন্দী কপি, জন্ম-মৃত্যুৰ প্ৰমাণ পত্ৰ ইত্যাদিৰ লগতে নগাঁৱৰ কেইবাখনো হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰমাণ পত্ৰ উদ্ধাৰ হৈছে আৰক্ষীৰ এই অভিযানত ।

নগাঁৱত দ’মে দ’মে ওলাইছে ভুৱা প্ৰমাণ পত্ৰ

লগতে পঢ়ক:১ অক্টোবৰৰ পৰা অনুমোদন প্ৰাপ্ত SBI শাখাত নিৰ্বাচনী বণ্ড বিক্ৰী

নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক(সদৰ) ত্ৰিদীপ কুম্বাঙৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে চহৰখনৰ মধুপুৰৰ মকবুল হুছেইন নামৰ ব্যক্তিগৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে এই ভুৱা প্ৰমাণপত্ৰ সমূহ । আব্দুল খালেক আৰু মকবুল হুছেইনে দীৰ্ঘদিন ধৰি জালিয়াতিৰে বিভিন্ন লোকক ভুৱা প্ৰমাণপত্ৰ যোগান ধৰি আহিছিল । আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি, বহু চৰকাৰী বিষয়া আৰু বহু স্কুলৰ প্ৰধান শিক্ষক এই চক্ৰটোৰ সৈতে জড়িত থাকিব পাৰে ।

ইতিমধ্যে আৰক্ষীয়ে মকবুল হুছেইনক গ্ৰেপ্তাৰ কৰিছে যদিও আব্দুল খালেকে আৰক্ষীৰ দল উপস্থিত হোৱাৰ লগে লগেই সেই স্থানৰ পৰা পলায়ন কৰে । বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে । ভুৱা প্ৰমানপত্ৰ প্ৰস্তুত কৰা চক্ৰটোৰ সৈতে আৰু কোন কোন জড়িত হ’ব সেয়া হয়তো পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব । মুঠৰ ওপৰত নগাঁও আৰক্ষীৰ তৎপৰতাৰ বাবেই এতিয়া জালত পৰিছে এটাৰ পিছত এটা অপৰাধী চক্ৰ ।

লগতে পঢ়ক:ছাত্ৰীক অশ্লীল মেছেজ দিয়াৰ অভিযোগত নিলম্বিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক

ABOUT THE AUTHOR

...view details