কলিয়াবৰ, 10 জুনঃকলিয়াবৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত দেওবাৰে সম্বাৰ্ধনা জনোৱা হয় উচ্চ মাধ্যমিক, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কীৰ্তিমান শিক্ষাৰ্থীক ৷ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই কীৰ্তিত্বৰে উত্তীৰ্ণ হোৱা কলিয়াবৰৰ সমষ্টিৰ শিক্ষাৰ্থী সকলক অভিনন্দন জনায় । মন্ত্ৰী কেশৱ মহন্তৰ ব্যৱস্থাপনাত অনুষ্ঠিত হোৱা এই অভিনন্দন অনুষ্ঠানত কলিয়াবৰ বিধানসভা সমষ্টিৰ মুঠ ৩৭১ গৰাকী কীৰ্তিমান শিক্ষাৰ্থীক সম্বাৰ্ধনা জনোৱা হয় ৷
কলিয়াবৰত ৩৭১ গৰাকী কীৰ্তিমান শিক্ষাৰ্থীক সম্বাৰ্ধনা - কলিয়াবৰ মহাবিদ্যালয়
কলিয়াবৰত উচ্চ মাধ্যমিক, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কীৰ্তিমান শিক্ষাৰ্থীক জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই জনালে অভিনন্দন ৷
মুঠ ৪১ খন শিক্ষানুষ্ঠানৰ এই অভিনন্দন অনুষ্ঠানত উচ্চ মাধ্যমিক শাখাত মুঠ ২২৭ গৰাকী, হাই মাদ্ৰাছাত ৭ গৰাকী আৰু উচ্চতৰ মাধ্যমিক শাখাত ১৩৭ গৰাকী শিক্ষাৰ্থীক অভিনন্দন জনোৱা হয় । উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষত এশ শতাংশ ফলাফল লাভ কৰা শিশু বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয় আৰু চেণ্ট ৰৱাৰ্টচ্ হাইস্কুলক স্থানীয় বিধায়ক উন্নয়ন পুঁজিৰ পৰা এক লাখ টকাৰ চেক অনুদান হিচাবে আগবঢ়োৱা হয় । অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তৰ লগতে মূখ্য অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ তথা লেখিকা ড০ মালিনী গোস্বামী, উদীয়মান লিখক, শিক্ষক ড০ জয়ন্ত পাঠক ।
উল্লেখযোগ্য যে, বিধায়ক ৰূপে নিৰ্বাচিত হোৱাৰে পৰা উচ্চ মাধ্যমিক, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক ২০০৬ চনৰ পৰা কেশৱ মহন্তই ধাৰাবাহিকভাৱে চৈধ্য বছৰে উৎসাহ যোগাই আহিছে ।