নগাঁও, 25 মাৰ্চ: এক কৰুণ পৰিস্থিতিৰ সন্মুখীন উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ এগৰাকী মেধাৱী পৰীক্ষাৰ্থী (sad story of HS exam candidate) । ৮ বছৰ পূৰ্বেই পিতৃক হেৰুওৱা ছাত্ৰগৰাকীয়ে পৰীক্ষাৰ মাজতেই হেৰুৱালে মাতৃক । মাতৃক হেৰুৱাৰ কঠিন বেদনা বুকুত লৈয়েই পৰীক্ষাত বহিল কংকনজ্যোতি বৰা নামৰ ছাত্ৰগৰাকী ।
উচ্চ শিক্ষাগ্ৰহনৰ সপোন দেখা মেধাসম্পন্ন ছাত্ৰগৰাকীৰ ওপৰত এতিয়া পৰিয়াল পোহ-পালৰো দায়িত্ব । এনে এক কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱা ছাত্ৰগৰাকীক সহায়ৰ বাবে মামাখ্যাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান স্থানীয় লোকৰ । বহু ভাগিনে লাভ কৰিছে মামাখ্যাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মৰম । বহু ভাগিনক আমোদ প্ৰমোদ দিছে মামা হিমন্তই ।
এইবাৰ সংকটকালত মামাৰ অকণমান সহায়ৰ প্ৰয়োজন হৈছে এজন ভাগিনৰ (HS exam candidate needs CM Himanta's concern) । এইজন ভাগিনৰ নাম কংকনজ্যোতি বৰা । অতি মেধাসম্পন্ন এইজন কংকনজ্যোতি বৰা অৱতীৰ্ণ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত । সপোন উচ্চ শিক্ষা গ্ৰহণৰ । সপ্তম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ভায়েকসহ কংকনজ্যোতি বৰাৰ শিক্ষাৰ খৰছৰ লগতে পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব লৈছিল মাতৃয়ে ।
৮ বছৰ পূৰ্বেই পৰিয়ালটো পোহপাল দিয়া কংকনজ্যোতিৰ পিতৃৰ বিয়োগ হৈছিল । পিতৃ বিয়োগৰ পিছতেই মাতৃয়ে ল’বলগীয়া হৈছিল পৰিয়ালৰ সমস্ত দায়িত্ব । তাঁতশালত কাপোৰ বৈয়েই ভাতমুঠি যোগাৰ কৰাৰ উপৰিও দুই সন্তানক শিক্ষিত কৰাৰ লক্ষ্যৰে কঠোৰ জীৱন সংগ্ৰামত ব্ৰতী হৈছিল মাতৃ । কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস!