কলিয়াবৰ, 14 জুলাই: ৰাজ্যৰ কৃষকসকলক কৃষিক্ষেত্ৰত সঠিকভাৱে আৰু সফলতাৰে আগবঢ়াই নিবলৈ অসম কৃষি বিভাগে বিভিন্ন সময়ত ৰূপায়ন কৰিছে ভিন্ন আঁচনি ৷ যি আঁচনিৰ জৰিয়তে লাভাম্বিত হ’ব ৰাজ্যৰ কৃষকসকল ৷ ইয়াৰ ভিতৰত অন্যতম হৈছে পি এম কৃষান আঁচনি (PM Kisan Samman Nidhi) ৷ এই আঁচনি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হয় ৷
বৰ্তমান এই আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে ৰাজ্যৰ কৃষি বিভাগে জাৰি কৰিছে এক নতুন নিৰ্দেশনা(New guidelines by Agriculture Department) ৷ সেই নিৰ্দেশনা অনুসৰি, প্ৰত্যকগৰাকী হিতাধিকাৰী কৃষকে নিজ নিজ বেংক একাউন্টৰ সৈতে আধাৰ নম্বৰ আৰু ই-কে ৱাই চি (E-KYC) সংযোগ কৰিব লাগিব (Linking Aadhaar number and E-KYC with bank account) ৷
তেতিয়াহে এই আঁচনিৰ লাভালাভ ভোগ কৰিব পাৰিব হিতাধীকাৰী কৃষকে ৷