অসম

assam

ETV Bharat / state

নগাঁও জিলাত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰৰ পৰীক্ষণ সম্পন্ন

নগাঁও জিলাত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰৰ পৰীক্ষণ সম্পন্ন হৈছে । কোন কোন প্ৰাৰ্থীৰ মনোনয়ন বাতিল হ'ল চাওক সবিশেষ তথ্য...

নগাঁও জিলাত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পৰীক্ষণ সম্পন্ন
নগাঁও জিলাত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পৰীক্ষণ সম্পন্ন

By

Published : Mar 11, 2021, 10:53 PM IST

নগাঁও,11 মাৰ্চ: নগাঁও জিলাত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰৰ পৰীক্ষণ সম্পন্ন হৈছে । সেই অনুসৰি ৮৩ নং ধিং বিধানসভা সমষ্টিৰ প্ৰাৰ্থীসকল হৈছে ক্ৰমে আমিনুল ইছলাম (এআইইউডিএফ), সঞ্জীৱ কুমাৰ বৰা (বিজেপি), মো: আনজাৰ হুছেইন (অসম জাতীয় পৰিষদ), ইনামূল হুদা (আৰচিপিআইআৰবি), চাইফুল ইছলাম চৌধুৰী (অসম জন মৰ্চা), শ্বাহনাজ বেগম (জনতা দল, ইউনাইটেড), ৰেছউদ্দিন আহমেদ (জনতা পাৰ্টী), মতিউৰ ৰহমান (নিৰ্দলীয়), মেহবুব মুক্তাৰ (নিৰ্দলীয়), মুস্তাফা শ্বহিদুল ইছলাম (নিৰ্দলীয়) ।

৮৪ নং বটদ্ৰৱা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীসকল হ’ল ক্ৰমে- আঙুৰলতা ডেকা (বিজেপি), শিৱামণি বৰা (ভাৰতীয় জাতীয় কংগ্ৰেছ), অনুপ বৰুৱা (জনতা দল ইউনাইটেড), ফকৰ উদ্দিন (অসম জন মৰ্চা), ময়ূৰ মজুমদাৰ (জনতা পাৰ্টী), মোছলেহা বেগম (ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিল), প্ৰফুল্ল ৰাজখোৱা (নিৰ্দলীয়), মতিউৰ ৰহমান (নিৰ্দলীয়) ৷ ইয়াৰ মাজতে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অৰূপ কুমাৰ শইকীয়া চৰকাৰী চাকৰিয়াল আছিল আৰু তেওঁ মনোনয়ন পৰীক্ষণৰ সময়লৈকে চাকৰি অব্যাহতি দিয়াৰ যাৱতীয় নথি জমা দিব নোৱাৰাত বাতিল কৰা হয় ।

৮৫ নং ৰূপহীহাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থীসকল হ’ল ক্ৰমে- নাজিৰ হুছেইন (বিজেপি), নুৰুল হুদা (ভাৰতীয় জাতীয় কংগ্ৰেছ), ছফিকুল ইছলাম (অসম জাতীয় পৰিষদ), ছামছুল আলম (জনতা দল,ইউনাইটেড), জিন্নাতুল ইছলাম (ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিল), আবু শ্বামা (নিৰ্দলীয়), ওৱাকিবুৰ ইছলাম (নিৰ্দলীয়), নজৰুল ইছলাম (নিৰ্দলীয়), নুৰুল আমিন চৌধুৰী (নিৰ্দলীয়) । মনোনয়ন পত্ৰ দাখিল কৰা নিৰ্দলীয় প্ৰাৰ্থী ৰফিকুল ইছলামৰ প্ৰয়োজনীয় প্ৰস্তাৱকৰ সংখ্যা কম হোৱাৰ বাবে মনোনয়ন বাতিল কৰা হয়।

৮৮ নং চামগুৰি বিধানসভা সমষ্টিৰ প্ৰাৰ্থীসকল হ’ল ক্ৰমে- অনিল শইকীয়া (বিজেপি), ৰকিবুল হুছেইন (ভাৰতীয় জাতীয় কংগ্ৰেছ), আবিদূৰ ৰহমান (অসম জাতীয় পৰিষদ) আৰু প্ৰাঞ্জিত ভৌমিক (ভাৰতীয় গণ পৰিষদ) ।

লগতে পঢ়ক: যমুনামুখৰ মহাজোঁটৰ প্রার্থী চিৰাজুদ্দিন আজমলৰ মনােনয়ন দাখিল

ABOUT THE AUTHOR

...view details