অসম

assam

ETV Bharat / state

কেনেদৰে চলিছে নগাঁৱৰ স্বাস্থ্য বিভাগ ?

চামগুৰিৰ এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই দাঙি ধৰিছে পূৰ্বৰ স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্যখণ্ডৰ প্ৰকৃত উন্নয়নৰ ছবিখন ৷ চামগুৰি মহকুমা স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত শিঙিয়া চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত দীৰ্ঘদিনৰ পৰা নাই বিদ্যুতৰ যোগান, নাই এটুপি খোৱা পানীৰ ব্যৱস্থা ৷ মাত্ৰ তিনিজন কৰ্মচাৰীৰে চলি থকা স্বাস্থ্যকেন্দ্ৰটোত মাথো এজন চিকিৎসকেৰে চলিছে চিকিৎসা সেৱা ৷

By

Published : Jun 27, 2021, 1:46 PM IST

How is the health department of Nagaon going?
কেনেদৰে চলিছে নগাঁৱৰ স্বাস্থ্য বিভাগ ?

চামগুৰি,27 জুন : সততে স্বাস্থ্যখণ্ডৰ উন্নয়নৰ ফটা ঢোল বজোৱা পূৰ্বৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্যখণ্ডৰ প্ৰকৃত উন্নয়নৰ ছবিখন দাঙি ধৰিছে চামগুৰিৰ এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই ৷ নগাঁও জিলাৰ চামগুৰি মহকুমা স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত শিঙিয়া চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত দীৰ্ঘদিনৰ পৰা নাই বিদ্যুতৰ যোগান, নাই এটুপি খোৱা পানীৰ ব্যৱস্থা ৷ মাত্ৰ তিনিজন কৰ্মচাৰীৰে চলি থকা স্বাস্থ্যকেন্দ্ৰটোত মাথো এজন চিকিৎসকেৰে চলিছে চিকিৎসা সেৱা ৷

2010 চনতে প্ৰতিষ্ঠা লাভ কৰা চিকিৎসালয়খনৰ উন্নয়নৰ প্ৰতি যেন কোনো গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ এজন চিকিৎসক,এজন কম্পাউণ্ডাৰ আৰু এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰে কোনেমতে চলি আছে চিকিৎসালয়খন ৷ হাবি-জংঘলেৰে পৰিপূৰ্ণ পৰিত্যক্ত অৱস্থাত আছে চৰকাৰী আৱাস গৃহসমূহ ৷ কিন্তু আৱাস গৃহত নাই কোনো এজনো আৱাসী ৷ চিকিৎসালয়খনৰ চাৰি সীমাত নাই কোন গাৰ্ডৱালৰ ব্যৱস্থা ৷ চাফাই কৰ্মী নথকাৰ বাবেও দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰিছে চিকিৎসালয়খনত ৷

স্থানীয়লোকৰ অভিযোগ অনুসৰি, বাৰাম্বাৰ চিকিৎসক নিযুক্তিৰ লগতে স্বাস্থ্যকেন্দ্ৰটোৰ উন্নয়ণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক জনাই অহাৰ পাচতো কোনো গুৰুত্ব নিদিলে ৷ উপযুক্ত চিকিৎসা সজুঁলি তথা যাৱতীয় ব্যৱস্থা উপলব্ধ নোহোৱা বাবে দীৰ্ঘদিনৰ পৰা নানান সমস্যাৰ সন্মুখীন হৈ আহিছে স্থানীয় লোকসকলে ৷

আনহাতে, ৰাজ্য চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ জলসিঞ্চন বিভাগ (Irrigation Department) ৷ কিন্তু জলসিঞ্চন বিভাগ (Irrigation Department) টোৱে কৃষক ৰাইজৰ বাবে কোটি কোটি টকীয়া আঁচনি গ্ৰহণ কৰিছে যদিও কোনো সুফল লাভ কৰা নাই ৰাজ্যৰ জনতাই ৷ নগাঁৱৰ স্বাস্থ্যখণ্ডৰ দৰে একেই অৱস্থা ডিব্ৰুগড় (Dibrugarh) জিলাৰ খোৱাঙৰ পানী যোগান আঁচনিৰ ৷

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া (Hiteswar Saikia)ৰ দিনতে ডিব্ৰুগড় (Dibrugarh) জিলাৰ খোৱাঙত একমাত্ৰ কৃষকক পানী যোগান ধৰাৰ বাবে ৰূপায়ণ কৰা হৈছিল পানী যোগান আঁচনি (Water Supply Scheme)ৰ বৃহৎ প্ৰকল্প । ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টি (Moran Constituency)আৰু টিংখাং বিধানসভা সমষ্টি (Tingkhang Constituency)ৰ ৰাইজক সুবিধা হোৱাকৈ পকী নলা দ্বাৰা বুঢ়ীদিহিং নদীৰ পৰা পানী উত্তোলন কৰি কৃষকক পথাৰত পানী দিয়াৰ বাবে আঁচনি লৈছিল ।

কিন্তু বহু বছৰ ধৰি জলসিঞ্চন বিভাগ (Irrigation Department)ৰ এই আঁচনি বিকল হৈ আছে ফলত কৃষকে বৰষুণ নহ'লে খেতি কৰিব নোৱাৰি হাহাকাৰ কৰিব লগা হৈছে । কৃষি বিভাগে পথাৰত পানী যোগান ধৰাৰ কথা কৈ থকা সময়ত ডিব্ৰুগড় জিলাৰ বহু কৃষি প্ৰধান গাঁৱক সামৰি থকা এই প্ৰকল্পটোৰ পৰা আজি পৰ্যন্ত কৃষকে নাপালে এটুপিও পানী ৷

লগতে পঢ়ক:পানী যোগান আঁচনি থকা সত্বেও ডিব্ৰুগড়ত বৰষুণৰ পানীৰে কৃষকৰ খেতি

ABOUT THE AUTHOR

...view details