অসম

assam

ETV Bharat / state

সঁচাকৈয়ে এ আই ইউ ডি এফ নেতাৰ সৈতে যোগাযোগ কৰিছে নেকি বিজেপি নেতাই ? - এ আই ইউ ডি এফ

ভোটগণনাৰ পূৰ্বেই অসমত পুনৰ চৰ্চিত এটা শব্দ - হৰ্ছ ট্রেডিং। সঁচাকৈয়ে চৰকাৰ গঠনত হব নেকি হৰ্ছ ট্রেডিং ? বিজেপিৰ কোন নেতাই যোগাযোগ কৰিছে এ আই ইউ ডি এফৰ নেতাৰ সৈতে ? হঠাৎ ৰাজ্যৰ বাহিৰত কিয় এ আই ইউ ডি এফৰ সকলো প্ৰাৰ্থী ? আশংকা হৰ্ছ ট্ৰেৰ্ডিঙৰ ! আউল লাগিব নেকি মহাজোঁটবন্ধনত ?

horse trading in assam assembly election aiudf leaders sent to jaipur
সঁচাকৈয়ে এ আই ইউ ডি এফ নেতাৰ সৈতে যোগাযোগ কৰিছে নেকি বিজেপি নেতাই

By

Published : Apr 9, 2021, 4:07 PM IST

নগাঁও, 9 এপ্ৰিল:ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে পুনৰ চৰ্চালৈ আহিছে এটা বিশেষ শব্দ, হৰ্ছ ট্ৰেৰ্ডিং ৷ শেহতীয়াকৈ ৰাজ্যসভা নিৰ্বাচনত বিধায়ক কিনা বেচা প্ৰত্যক্ষ কৰা হৈছিল । 2010 চনৰ ৰাজ্যসভা নিৰ্বাচনৰ সময়ত প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে চালকৰ আসনত বহি অগপ, এ আই ইউ ডি এফ আৰু বিজেপি দলৰ বিধায়কক গাড়ীত ৰাজ্যসভাৰ ভোটদান কৰিবলৈ লৈ গৈছিল ৷ সেই সময়ত হিমন্তৰ সহযোগী আছিল ৰকিবুল হুছেইন।

হিমন্ত ৰকিবুলৰ নেতৃত্বত হোৱা হৰ্ছ ট্ৰেডিঙৰ বাবেই বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী জয়ন্ত বৰুৱা পৰাজিত হ'ব লগীয়া হৈছিল ৷ ইয়াৰ পূৰ্বেও 2004 চনৰ ৰাজ্যসভা নিৰ্বাচনত অগপ বিধায়ক আলী আকবৰ মিঞা আৰু আব্দুল জব্বৰ ভোটদানৰ পৰা বিৰত থকা বাবেই পৰাজিত হৈছিল বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য।

একেদৰে ৰাজ্যবাসীয়ে হয়তো পাহৰা নাই 2014 চনৰ ৰাজ্যসভা নিৰ্বাচনত হোৱা হৰ্ছ ট্ৰেৰ্ডিঙৰ কথা ৷ বিৰোধী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা বিশিষ্ট লেখক, সাংবাদিক হাইদৰ হুছেইন পৰাজিত হৈছিল একমাত্ৰ এ আই ইউ ডি এফ দলৰ বিধায়ক বিক্ৰী যোৱাৰ বাবেই ৷ এইবাৰ বিধানসভা নিৰ্বাচনত পুনৰ চৰ্চিত হৈছে হৰ্ছ ট্ৰেডিঙৰ প্ৰসংগ ৷ চৰকাৰ গঠনৰ লক্ষ্যেৰে এজিপি , ইউ পি পি এলক লগত লৈ বিজেপিৰ নেতৃত্বত মিত্ৰজোঁট গঠন কৰাৰ সমান্তৰালভাৱে কংগ্ৰেছৰ নেতৃত্বতো গঠন হৈছিল মহাজোঁটবন্ধন ৷ কিন্তু কোনো এটা জোঁটতেই চামিল নোহোৱা নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে যেন লগাইছে আউল ৷

নিৰ্বাচন শেষ হোৱাৰ পাছত কোনো অংক মাষ্টৰৰ অংকই যেন মিলাব নোৱাৰা হৈ পৰিছে ৷ কি মহাজোঁট কি মিত্ৰজোঁট কোনো জোঁটৰ বাবেই যেন সহজ নহয় মেজিক নম্বৰ স্পৰ্শ কৰা ৷ যাৰ বাবে হৰ্ছ ট্ৰেডিঙৰ আশংকা নুই কৰিব নোৱাৰি ৷ হৰ্ছ ট্ৰেডিঙৰ শংকাত মহাজোঁটবন্ধন বৰ্তমান কম্পমান হৈ পৰা পৰিলক্ষিত হৈছে ৷ এক বিশেষ সূত্ৰে জানিব পৰা মতে, মহাজোঁটৰ অংশীদাৰ এ আই ইউ ডি এফ দলৰ বিধায়কক মিত্ৰজোঁটে ক্ৰয় কৰাৰ আশংকাত দলটোৰ আটাই কেইগৰাকী প্ৰাৰ্থীক ইতিমধ্যে ৰাজ্যৰ বাহিৰলৈ প্ৰেৰণ কৰা হৈছে ।

এতিয়া প্ৰশ্ন হৈছে, ৰাজ্যৰ বাহিৰলৈ প্ৰেৰণ কৰিয়েই হৰ্ছ ট্ৰেৰ্ডিঙৰ পৰা বিৰত ৰাখিব পাৰিব নে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে ? নে সচাঁকৈয়ে হৰ্ছ ট্ৰেডিঙৰ জৰিয়তেই অসমত গঠন হব চৰকাৰ ৷ ইয়াৰ বাবে এতিয়া সকলোৱে অপেক্ষা কৰিব লাগিব ২ মে' লৈ ৷

লগতে পঢ়ক:পশ্চিম বংগৰ সুভেন্দু অধিকাৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ জাননী

ABOUT THE AUTHOR

...view details