নগাঁও, 12 জুনঃশুকুৰবাৰে পুৱাৰ ভাগত এটা আঘাতপ্ৰাপ্ত উদ্ধাৰ হয় নগাঁৱৰ পুৰণিগুদাম জলাহচুকত ৷ স্থানীয় লোক এগৰাকীয়ে পানীত পৰি চটফটাই থকা চৰাইটো প্ৰত্যক্ষ কৰি চাপানালাৰ প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাক অৱগত কৰে ৷ দুলু বৰাই বন বিভাগৰ উপস্থিতত ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত ৰজাধনেশটো উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত কাজিৰঙাৰ বন্যপ্ৰাণী চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷ ধনেশপক্ষীটোৱে গুৰুতৰভাৱে ডেউকাত আঘাত পোৱাত উৰিব নোৱাৰি পথাৰখনত পৰি আছিল ৷
নগাঁৱৰ পুৰণিগুদামত উদ্ধাৰ আঘাতপ্ৰাপ্ত ধনেশ পক্ষী
নগাঁৱৰ পুৰণিগুদাম জলাহচুকত শুকুৰবাৰে পুৱাৰ ভাগত উদ্ধাৰ হয় এটা দুষ্প্ৰাপ্য ধনেশপক্ষী ৷ প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত সম্প্ৰতি কাজিৰঙাৰ বন্যপ্ৰাণী চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে ধনেশপক্ষীটো ৷
উল্লেখ্য যে, এই সময়খিনি হৈছে ধনেশ পক্ষীৰ বাহ বনোৱা অথবা কণী ওমণি দি পোৱালি জগোৱাৰ সময় ৷ যাৰ বাবে এই সময়খিনিত মতা ধনেশ পক্ষীয়ে বাহত থকা মাইকী ধনেশ পক্ষীজনীৰ বাবে খাদ্যৰ যোগান ধৰে ৷ সেয়েহে প্ৰকৃতিপ্ৰেমী দুলু বৰাই ধনেশপক্ষীটো উদ্ধাৰ কৰাৰ লগতে সমগ্ৰ বিষয়টোৰ প্ৰতি স্থানীয় ৰাইজক সজাগ কৰি, ওচৰৰ কোনো অঞ্চলত থকা মাইকী ধনেশ পক্ষীজনীৰ সন্ধান পালে তেওঁক অথবা বন বিভাগক অৱগত কৰিবলৈ অনুৰোধ জনায় ৷ যাতে বাহতে মাইকী ধনেশপক্ষী জনীক আহাৰৰ যোগান ধৰিব পৰা যায় ৷
লগতে পঢ়কঃমিছামাৰীত বন বিষয়াৰ তৎপৰতাত সুস্থ হৈ উঠিল এজনী হাতী