অসম

assam

ETV Bharat / state

কলিয়াবৰত ধনেশ পক্ষী উদ্ধাৰ - ধনেশ পক্ষী উদ্ধাৰ

কলিয়াবৰ চাহ বাগিছাত উদ্ধাৰ আঘাতপ্ৰাপ্ত ধনেশ পক্ষী ৷ শিলঘাট বনবিভাগে সোমবাৰে পক্ষীটো উদ্ধাৰ কৰে ৷ আঘাতপ্ৰাপ্ত ধনেশ পক্ষীটোক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি পাণবাৰীস্থিত বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ ৷

কলিয়াবৰত ধনেশ পক্ষী উদ্ধাৰ
কলিয়াবৰত ধনেশ পক্ষী উদ্ধাৰ

By

Published : Feb 22, 2021, 9:26 PM IST

নগাঁও, 22 ফেব্ৰুৱাৰী:সোমবাৰে শিলঘাট বনবিভাগে কলিয়াবৰ চাহ বাগিছাত এটা ধনেশ পক্ষী উদ্ধাৰ কৰে ৷ বনবিভাগৰ কৰ্মীয়ে জানিবলৈ দিয়া মতে তেওঁলোক কৰ্তব্যৰত অৱস্থাত গৈ থাকোতে কলিয়াবৰত ৰাস্তাৰ কাষৰ এজোপা গছৰ তলত ধনেশ পক্ষীটো প্ৰত্যক্ষ কৰে ৷ ভালদৰে প্ৰত্যক্ষ কৰাত পক্ষীটো আঘাতপ্ৰাপ্ত বুলি জানিব পাৰি বনবিভাগৰ কাৰ্যলয়লৈ পক্ষীটো লৈ অনা হয় ৷

আঘাটপ্ৰাপ্ত ধনেশ পক্ষীটো বন‍্য প্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ

আঘাতপ্ৰাপ্ত ধনেশ পক্ষীটোক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছত শিলঘাট বনবিভাগে পক্ষীটো পাণবাৰীস্থিত বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে বুলি বনবিভাগৰ কৰ্মীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আগমন বিদেশী পৰ্যটকৰ

ABOUT THE AUTHOR

...view details