অসম

assam

ETV Bharat / state

ধিঙত গাওঁ বাসীয়ে স্থাপন কৰিলে হোম কোৱাৰেণ্টাইন কেম্প - Home quarantine camp by villagers of Dhing

পৰমাইভেটি দাৰুল হাদিছ ইছলামিয়া মাদ্ৰাছাত স্থাপন কৰা এই কেম্পটোত আছে সকলো সা-সুবিধা ৷ চৰকাৰী কোৱোৰেন্টাইন কেন্দ্ৰৰ পৰা হোম কোৱাৰেন্টাইনলৈ পঠোৱা লোক সকলৰ বাবে প্ৰস্তুত কৰা হৈছে এই কোৱোৰেন্টাইন কেম্পটো ৷

Home quarantine camp established by villagers of Dhing
ধিঙত গাওঁ বাসীয়ে স্থাপন কৰিলে হোম কোৱাৰেণ্টাইন কেম্প

By

Published : May 31, 2020, 12:09 PM IST

বটদ্ৰৱা, 31 মে': ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ সমান্তৰালকৈ বহিঃৰাজ্যৰ পৰা অহা লোকেৰে ভৰি পৰিছে ৰাজ্যৰ কোৱাৰেন্টাইন কেন্দ্ৰ সমূহ ৷ তাৰ মাজতে ধিং সমষ্টিৰ পৰমাইভেটি গাঁৱত গাওঁ বাসীয়ে স্থাপন কৰিলে হোম কোৱাৰেণ্টাইন কেম্প ৷ পৰমাইভেটি দাৰুল হাদিছ ইছলামিয়া মাদ্ৰাছাত স্থাপন কৰা এই কেম্পটোত আছে সকলো সা-সুবিধা ৷ চৰকাৰী কোৱোৰেন্টাইন কেন্দ্ৰৰ পৰা হোম কোৱাৰেন্টাইনলৈ পঠোৱা লোক সকলৰ বাবে প্ৰস্তুত কৰা হৈছে এই কোৱোৰেন্টাইন কেম্পটো ৷

ধিঙত গাওঁ বাসীয়ে স্থাপন কৰিলে হোম কোৱাৰেণ্টাইন কেম্প

উল্লেখ্য যে, বহিঃৰাজ্যৰ পৰা আহি চৰকাৰী কোৱেৰন্টাইন কেন্দ্ৰত থকাৰ পাছত হোম কোৱাৰেন্টাইনলৈ পঠিওৱা গাঁওখনৰ বহু শ্ৰমিক আৰু ছাত্ৰ ছাত্ৰীক এই কোৱাৰেন্টাই কেম্পটোত ৰখা হ'ব ৷ পৰমাইভেটি গাওঁ পঞ্চায়তৰ অধিনৰ তিনিখন গাঁৱৰ লোকৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে কেম্পটোৰ পৰিচালনা সমিটিয়ে ৷ উল্লেখনীয় যে, এই কেম্পটো পৰিচালনাৰ বাবে গঠন কৰা হৈছে এখন বিশেষ কমিটি । য'ত আছে চিকিৎসক, নাৰ্ছ, আশা কৰ্মী, অঙ্গনৱাড়ী কৰ্মী, গাঁওৰক্ষী বাহিনী, পঞ্চায়ত প্ৰতিনিধি গাঁওবুঢ়াৰ লগতে বহু সচেতন ব্যক্তি । পৰমাইভেটি গাওঁবাসীৰ এনে কাৰ্যক ভূয়সী প্ৰশংসা কৰিছে সকলোৱে ।

লগতে পঢ়কঃ জন্মু-কাশ্মীৰৰ পৰা 2800 কি: মি খোজ কাঢ়ি অসম পালেহি অনন্ত ৰাণা

For All Latest Updates

ABOUT THE AUTHOR

...view details