লামডিং, ১২ অক্টোবৰ: ৰাজ্যত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। দীৰ্ঘদিন ধৰি লামডিং সংৰক্ষিত বনাঞ্চলত বন ধ্বংসযজ্ঞ চলাই অহা ২টা চোৰাং কাঠ সৰবৰাহকাৰী আটক কৰে লংকাজান বন কৰ্মীয়ে। দেওবাৰে নিশা লংকা আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত লংকাজানৰ বন কৰ্মীয়ে অভিযান চলাই আটক কৰে সৰবৰাহকাৰী দুটাক। ধৃত সৰবৰাহকাৰী দুটা আব্দুল মালেক আৰু জুলফিকাৰ আলী। দুয়োৰে ঘৰ নতুন বজাৰত। বনাঞ্চলত চোৰাংভাৱে গছ কটাৰ কথা স্বীকাৰ কৰিছে সৰবৰাহকাৰী দুটাই। বৰ্তমান লংকা আঞ্চলিক বন বিভাগৰ জিন্মাত ৰাখি জেৰা চলাই থকা হৈছে।
লংকাজান বন বিভাগৰ অভিযানত আটক ২ চোৰাং কাঠ সৰবৰাহকাৰী
লামডিং সংৰক্ষিত বনাঞ্চলত চোৰাং কাঠ সৰবৰাহকাৰীৰ ৰমৰমীয়া বেহা। লংকাজান বন বিভাগৰ অভিযানত আটক ২ সৰবৰাহকাৰী।
লংকাজান বন বিভাগৰ অভিযানত আটক ২ চোৰাং কাঠ সৰবৰাহকাৰী