লংকা,15 আগষ্টঃসমগ্ৰ দেশতেই বৃহস্পতিবাৰে উদযাপন কৰা হয় 73সংখ্যক স্বাধীনতা দিৱস ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে উদযাপন কৰা হয় স্বাধীনতা দিৱস ৷ চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-কাৰ্যালয় সকলোতে নিৰ্দিষ্ট সময়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে নিৰ্দিষ্ট সময়ত নমাই অনা হয় ৷
লংকা চহৰত ৰাষ্ট্ৰীয় পতাকাক অৱমাননা - হোজাই বাতৰি
সমগ্ৰ দেশতেই বৃহস্পতিবাৰে উদযাপন কৰা হয় 73সংখ্যক স্বাধীনতা দিৱস ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে উদযাপন কৰা হয় স্বাধীনতা দিৱস ৷ চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-কাৰ্যালয় সকলোতে নিৰ্দিষ্ট সময়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে নিৰ্দিষ্ট সময়ত নমাই অনা হয় ৷

লংকা চহৰত ৰাষ্ট্ৰীয় পতাকাক অৱমাননা
লংকা চহৰত ৰাষ্ট্ৰীয় পতাকাক অৱমাননা
কিন্তু হোজাইৰ লংকা চহৰত দেখিবলৈ পোৱা গ'ল এক বিপৰীত দৃশ্য ৷ স্বাধীনতা দিৱসৰ দিনটোতে ৰাষ্ট্ৰীয় পতাকাক অৱমাননা কৰে লংকাৰ ষ্টেট বেংক অৱ ইণ্ডিয়া শাখাই ৷ সাধাৰনতে সন্ধিয়া হোৱাৰ পূৰ্বেই ৰাষ্ট্ৰীয় পতাকাখন স-সন্মানে নমাই আনিব লাগে, যদিও বেংকৰ সন্মুখত নিশা 7 বজালৈ উৰি থকা পৰিলক্ষিত হয় ৰাষ্ট্ৰীয় পতাকাখন ৷ বেংক কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতা আৰু বেংক পৰিচালকৰ কৰ্মজ্ঞানহীনতা তথা মইমতালিৰ বাবেই এই ঘটনা সংঘটিত হ'বলৈ পালে বুলি মন্তব্য কৰে স্থানীয় ৰাইজে ৷