কলিয়াবৰ, 10 আগষ্ট: পতাকা এক খণ্ড বস্ত্ৰ বিশেষ যি কোনো গোষ্ঠী, দল, জাতি, দেশ, সংগঠনৰ অথবা বিশেষ অনুষ্ঠানৰ প্ৰতীক তথা পৰিচয় হিচাবে ব্যৱহৃত হয় । পতাকাৰ বস্ত্ৰখণ্ডত বিশেষ কোনো ৰং, আৰ্হি, প্ৰতিকৃতি নাইবা চিহ্নৰ দ্বাৰা কোনো আদর্শ বা বার্তা নিহিত হৈ থাকিব পাৰ । আধুনিক বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰৰ এখনকৈ স্বতন্ত্ৰ পতাকা আছে যাক জাতীয় পতাকাৰূপে বিবেচনা কৰা হয় । সেই সূত্ৰে স্বাধীন সাৰ্বভৌম ৰাষ্ট্ৰ ভাৰতবৰ্ষৰো এখন জাতীয় পতাকা আছে । এই পতাকাখনৰ আছে এক দীঘলীয়া ইতিহাস (History of Indian Tricolor)।
১৯০৪ চনত স্বামী বিবেকানন্দৰ শিষ্যা ভগ্নী নিবেদিতাই ভাৰতৰ প্ৰথম জাতীয় পতাকাৰ ৰূপদান কৰে । এই পতাকাখন ভগিনী নিবেদিতাৰ পতাকা নামেৰে অভিহিত হয় । ৰঙা চতুষ্কোণাকাৰ এই পতাকাৰ কেন্দ্ৰত আছিল বজ্ৰ আৰু শ্বেতপদ্ম সম্বলিত এটি হালধীয়া ইনচেট । পতাকাত ‘বন্দে মাতৰম’ কথাষাৰ বঙালীত লিখা আছিল । ৰঙা ৰং আছিল স্বাধীনতা সংগ্ৰামৰ প্ৰতীক, হালধীয়া বিজয়ৰ আৰু শ্বেতপদ্ম পবিত্ৰতাৰ প্ৰতীক ।
১৯০৬ চনৰ ৭ আগষ্টত কলকাতাৰ পাৰ্চিবাগান স্কোয়াৰত বংগভংগ বিৰোধী এখন সভাত প্ৰথম ত্ৰিবৰ্ণৰঞ্জিত পতাকা উত্তোলন কৰে শচীন্দ্ৰপ্ৰসাদ বসুৱে । ১৯০৭ চনৰ ২২ জুলাইত জাৰ্মাৰ ষ্টাটগাৰ্ট চহৰত ভিখাজী কামাই অন্য এখন ত্ৰিবৰ্ণৰঞ্জিত পতাকা উত্তোলন কৰে । এই পতাকাৰ ওপৰত আছিল সেউজীয়া, মাজত গেৰুৱা আৰু তলত আছিল ৰঙা ৰং । সেউজীয়া ৰং আছিল ইছলামৰ প্ৰতীক আৰু গেৰুৱা হিন্দু আৰু বৌদ্ধধৰ্মৰ প্ৰতীক । সেউজীয়া ভাগটোৰ ওপৰত ব্ৰিটিছৰ আঠখন প্ৰদেশৰ প্ৰতীক হিচাবে আঠপাহ পদুমৰ শাৰী অংকিত আছিল ।
ইয়াৰ মাজৰ ভাগত দেৱনাগৰী হৰফত ‘বন্দে মাতৰম’ কথাষাৰ লিখা আছিল আৰু তলৰ ভাগত পতাকাদণ্ডৰ ফালে অৰ্ধচন্দ্ৰ আৰু উত্তোলনৰ ভাগটোৰ ফালে এটা সূৰ্য অংকিত আছিল । ১৯১৭ চনত বাল গংগাধৰ তিলক আৰু এনী বেছাণ্ট পৰিচালিত হোমৰুল আন্দোলনে এখন নতুন পতাকাৰ জন্ম দিয়ে । ১৯১৬ চনত অন্ধ্ৰ প্ৰদেশৰ মছলিপট্টনম চহৰৰ নিকটস্থ ভাটলাপেনামাৰু গাঁৱৰ বাসিন্দা পিঙ্গলি ভেংকায়াই এখন সাধাৰণ জাতীয় পতাকাৰ ৰূপদানৰ চেষ্টা কৰে ।
ভেঙ্কাইয়াই এই পতাকাৰ বাবে মহাত্মা গান্ধীৰ অনুমোদন বিচাৰি যোৱাত গান্ধীজীয়ে তেওঁক "ভাৰতৰ মূৰ্তপ্ৰতীক আৰু দেশৰ সকলো অমংগলহাৰী" যঁতৰৰ চিত্ৰ পতাকাত যোগ কৰাৰ পৰামৰ্শ দিয়ে । এই পতাকাখনেই পাছত ভিন্ন পৰিক্ৰমাৰ অন্তত ১৯৩১ চনৰ কৰাছী কংগ্ৰেছ অধিৱেশনত পতাকা সংক্ৰান্তীয় সৰ্বশেষ প্ৰস্তাৱটো গৃহীত হয় । পিংগলি ভেংকায়া অংকিত এখন ত্ৰিবৰ্ণৰঞ্জিত পতাকা গৃহীত হয় । এই পতাকাত আনুভূমিক গেৰুৱা, বগা আৰু সেউজীয়াৰ সোঁমাজত এটা যঁতৰ অঁকা আছিল ।
গেৰুৱা ত্যাগ; বগা সত্য আৰু শান্তি আৰু সেউজীয়া বিশ্বাস আৰু প্ৰগতিৰ প্ৰতীক তথা যঁতৰ ভাৰতৰ অৰ্থনৈতিক পুনৰুজ্জীৱন আৰু দেশবাসীৰ শ্ৰমশীলতাৰ প্ৰতীক হিচাবে গৃহীত হয় । স্বাধীনতা প্ৰাপ্তিৰ কিছুদিন পূৰ্বে ভাৰতৰ জাতীয় পতাকাৰ বিষয়ে সিদ্ধান্তত উপনীত হোৱাৰ বাবে গণ পৰিষদ স্থাপিত হয় । গণ পৰিষদে ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত এক বিশেষ কমিটি গঠন কৰে । এই কমিটিৰ সদস্যসকল আছিল মৌলান আবুল কালাম আজাদ, সৰোজিনী নাইডু, চক্ৰৱৰ্তী ৰাজাগোপালচাৰী, কে. এম. মুন্সি আৰু বি. আৰ. আম্বেদকাৰ ।
পতাকা কমিটি স্থাপিত হয় ১৯৪৭ চনৰ ২৩ জুনত । এই কমিটিয়ে পতাকাক লৈ আলোচনা আৰম্ভ কৰে । তিনি সপ্তাহৰ পাছত ১৯৪৭ চনৰ ১৪ জুলাইত তেওঁলোক এই সিদ্ধান্তত উপনীত হয় যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন উপযুক্ত সংস্কাৰৰ পাছত সকলো দল আৰু সম্প্ৰদায়ৰ কাষতেই গ্ৰহণীয় কৰি তুলি জাতীয় পতাকা হিচাবে গৃহীত হ’ব । পাছত এই প্ৰস্তাৱো গৃহীত হয় যে ভাৰতৰ জাতীয় পতাকাত কোনো সাম্প্ৰদায়িক গুৰুত্ব থাকিব নোৱাৰিব ।
যঁতৰৰ পৰিৱৰ্তে সাৰনাথ স্তম্ভৰ পৰা ধৰ্মচক্ৰটো গৃহীত হয় পতাকাত । ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীন ভাৰতত প্ৰথমবাৰ এই পতাকা উত্তোলিত হয় । ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণে যি পৰৱৰ্তীকালত ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি হৈছিল, তেওঁ গৃহীত পতাকা আৰু প্ৰতীকতত্ত্বটোৰ ব্যাখ্যা আৰু গুৰুত্ব সম্পৰ্কে ব্যাখ্যা কৰে- "গেৰুৱা ৰং ত্যাগ আৰু বৈৰাগ্যৰ প্ৰতীক । আমাৰ নেতৃবৃন্দই পাৰ্থিৱ লাভৰ প্ৰতি উদাসীন আৰু নিজৰ নিজৰ কাম কৰা প্ৰতি যত্নবান হ’ব লাগিব । মধ্যস্থলত থকা বগা ৰং আমাৰ আত্মনিয়ন্ত্ৰণ আৰু স্বভাৱৰ পথপ্ৰদৰ্শক সত্যপথৰ পোহৰৰ প্ৰতীক । সেউজীয়া মাটি তথা সকলো প্ৰাণৰ প্ৰাণ উদ্ভিদ জগতৰ লগত আমাৰ সম্বন্ধৰ কথা ব্যক্ত কৰিছে । বগা অংশৰ সোঁমাজত অশোক ধৰ্মচক্ৰ অনুশাসনৰ প্ৰতীক । সত্য আৰু ধৰ্ম এই পতাকাৰ তলত কৰ্মৰত সকলোৰে নীতি নিয়ন্ত্ৰণ হ’ব । তদুপৰি, চক্ৰটো গতিৰ প্ৰতীক । স্থবিৰতাত মৃত্যু আহে । গতিৰ মাজেৰেই জীৱন । পৰিৱৰ্তনক বাধাদান কৰাটো আৰু ভাৰতৰ বাবে উচিত নহ’ব, ভাৰতক সম্মুখলৈ অগ্ৰসৰ হ’বই লাগিব । এই চক্ৰটো শান্তিপূৰ্ণ পৰিৱৰ্তনৰ গতিশীলতাৰ প্ৰতীক ।"
১৯৫০ চনত ভাৰতত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয় । তাৰ এবছৰ পাছতেই, অৰ্থাৎ ১৯৫১ চনত, ভাৰতীয় মানক বিযুৰো (বি. এচ. আই.) প্ৰথম বাৰৰ বাবে জাতীয় পতাকা উৎপাদন সংক্ৰান্তত কিছু বিধি নিৰ্দেশ জাৰি কৰে । ১৯৬৪ চনত ভাৰতত মেট্ৰিক পদ্ধতি গ্ৰহণ কৰাত এই বিধি নিৰ্দেশত কিছু সংশোধনী অনা হয় । তাৰপাছত ১৯৬৮ চনৰ ১৭ আগষ্টত পুনৰায় বিধিসমূহ সংশোধিত কৰা হয় । আকাৰ, ডাই ৰং, ক্ৰোমাটিক মূল্য, উজ্জ্বলতা, ব্যৱহৃত সূতাৰ সংখ্যা আৰু উত্তোলন ৰজ্জুসহ পতাকা উৎপাদনৰ সকলো আৱশ্যক বিষয়ৰ উল্লেখ এই বিধি নিৰ্দেশত পোৱা যায় (Flag Code of India)। এই নিৰ্দেশনামা কঠোৰভাবে অনুসৰণ কৰা হয় ।
পতাকা উৎপাদনত কোনো খুঁট ৰখা আইনতঃ অপৰাধ; তাৰ শাস্তি কাৰাবাস, জৰিমনা অথবা দুয়োটাই হ’ব পাৰে । পতাকা উৎপাদনৰ বাবে একমাত্ৰ খাদী নামৰ হস্তচালিত তাঁতবস্ত্ৰই ব্যৱহাৰ কৰা যায় (Material allowed to be used for Indian flag)। কপাহ, ৰেচম আৰু উল বাদ দি অন্য কোনো খাদীৰ কেঁচামাল হিচাবে ব্যবহাৰ কৰা নাযায় । পতাকা উৎপাদনত দুইধৰণৰ খাদী ব্যৱহাৰ কৰা হয়; প্ৰথমটো হ’ল খাদী-বাণ্টিং, যাৰ দ্বাৰা পতাকাৰ মূল অংশটো প্ৰস্তুত কৰা হয় আৰু দ্বিতীয়টো হ’ল পাতল বাদামী ৰঙৰ খাদী-ডাক বস্ত্ৰখণ্ড, যিয়ে পতাকাক পতাকাদণ্ডৰ ৰছীৰ সৈতে ধৰি ৰাখে ।