অসম

assam

ETV Bharat / state

সংকটৰ গৰাহত ঐতিহাসিক ৰাঙলু গড় - Rangalu Garh

আহোমৰ শাসন কালত সামৰিক সুৰক্ষাৰ দিশেৰে অতিকৈ গুৰুত্বপূৰ্ণ কলিয়াবৰৰ আন বহুকেইটা গড় এতিয়া অস্তিত্বৰ সংকটত । এনে পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ লগতে প্ৰত্নতত্ব বিভাগে (Archaeology department) উপযুক্ত পৰিকল্পনাৰে ইয়াক সংৰক্ষণৰ ব্যৱস্থা নকৰিলে কলিয়াবৰৰ এই ঐতিহাসিক ৰাঙলু গড় (Rangali Garh)হৈ পৰিব মাথো এক ইতিহাস ৷

সংকটৰ গৰাহত ঐতিহাসিক ৰাঙলু গড়
সংকটৰ গৰাহত ঐতিহাসিক ৰাঙলু গড়

By

Published : Jun 27, 2021, 3:45 PM IST

কলিয়াবৰ, 27 জুন : ৰাজ‍্যৰ ঐতিহাসিক সমলবোৰ ৰক্ষাৰ বাবে আছে এটা চৰকাৰী বিভাগ । কিন্তু চৰকাৰী অনিহা আৰু স্থানীয় ৰাইজৰ সচেতনতাৰ অভাৱে এতিয়া ঐতিহাসিক সমলসমূহৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । তাৰেই সুযোগ লৈছে বিভিন্ন মহলে । তাৰেই ফলশ্ৰুতিত এতিয়া ক্ৰমাৎ নিঃচিহ্ন হোৱাৰ দিশত আহোম স্বৰ্গদেউৱে নিৰ্মাণ কৰা কলিয়াবৰৰ ঐতিহাসিক ৰাঙলু গড় (Rangalu Garh) ।

আহোম শাসন ব‍্যৱস্থাত বহু যুদ্ধ-বিগ্ৰহৰ সাক্ষী কলিয়াবৰ ১৮২৬ চনলৈকে এক আহোমৰ সামৰিক ঘাটি ৰূপে গুৰুত্বপূৰ্ণ আছিল । আহোমৰ ৰণথলীৰূপে প্ৰতিৰক্ষাৰ দিশৰে নিৰ্মাণ কৰা কলিয়াবৰত আহোম যুগীয়া বহুকেইটা গড় এতিয়া বেদখল বা অনান‍্য অসামাজিক কাৰ্য‍ৰ কবলত । কলিয়াবৰত থকা আহোম যুগতে স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত নিৰ্মিত ঐতিহাসিক ৰাঙলু গড় বৰ্তমান অস্তিত্বৰ সংকটত ।

সংকটৰ গৰাহত ঐতিহাসিক ৰাঙলু গড়

৩৭ নং ৰাষ্ট্ৰীয় পথৰ প্ৰায় গাতে লাগি থকা জখলাবন্ধাৰ সমীপৰ এই গড়টো বিগত সময়ছোৱাত স্থানীয় লোকেও ক্ষতি কৰিছে । গড়টোৰ দুয়োকাষে বিস্তৃত খেতিপথাৰৰ পানী বোৱাই নিয়াৰ বাবে গড়টোৰ এটা অংশ কাটি পেলোৱাৰ পাছতো ৰাজ‍্যৰ প্ৰত্নতত্ব বিভাগ (Archaeology department)ৰ চকুত নপৰিল । তদুপৰি ভাৰতীয় তেল নিগমৰ ১৯৬২ চনত নাহৰকটীয়াৰ পৰা নুনমাটি তেল শোধনাগাৰলৈ খাৰুৱা তেল পৰিবাহী পাইপলাইন এই গড়টোৰ মাজেৰে পাৰ কৰি নিয়াৰ পাছতো এক বহৎ অংশ ইতিপূৰ্বেই কাটি পেলাইছিল ।

পৰৱৰ্তী সময়ত ১৯৬৪ চনত বাৰাউনীলৈ বৰ্ধিত কৰা এই পাইপলাইন কিছুদিনৰ পূৰ্বে মেৰামতি কৰাৰ গইনা লৈ গড়টো পূৰ্বতকৈ পুনৰ বহলকৈ কাটি পেলাইছে । এইবাৰো পূৰ্বৰ দৰে গড়টো মেৰামতি নকৰাকৈয়ে ভাৰতীয় তেল নিগমে দায়িত্ব সামৰে । উল্লেখযোগ‍্য যে, এই পাইপলাইনৰ সমীপতে আছে ভাৰতীয় তেল নিগমৰ চিকনী পাম্পিং ষ্টেচন (Chikni Pumping station ৷

সংকটৰ গৰাহত ঐতিহাসিক ৰাঙলু গড়

গড়টোৰ অস্তিত্ব প্ৰতি কঢ়িয়াই অনা ভাবুকিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা (AASU) । কলিয়াবৰ ছাত্ৰ সন্থাই এই বিষয় লৈ অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ তথা তেল নিগম কৰ্তৃপক্ষক অনতি পলমে গড়টোৰ কাটি পেলোৱা স্থান সোনকালে মেৰামতি কৰিবলৈ দাবী জনাই । ঐতিহাসিক গড়টোৰ গাতে লাগি থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানলৈ অহা পৰ্য‍টকৰ বাবে এই গড়টো অন‍্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাৰ থল আছে বুলি স্থানীয় সচতন মহলে মন্তব‍্য কৰিছে। উল্লেখযোগ‍্য যে, আহোম শাসন কালত সামৰিক সুৰক্ষাৰ দিশেৰে অতিকৈ গুৰুত্বপূৰ্ণ কলিয়াবৰৰ আন বহুকেইটা গড় এতিয়া অস্তিত্বৰ সংকটত ।

লগতে পঢ়কঃ নিশ্চিহ্ন হোৱাৰ পথত ধেমাজি জিলাৰ একমাত্ৰ নদীদ্বীপ কবুচাপৰি

ABOUT THE AUTHOR

...view details