কলিয়াবৰ, 11 জুলাইঃস্বৰ্গনাৰায়ণ প্ৰতাপ সিংহৰ ৰাজত্বকালতে অসম বুৰঞ্জীৰ পাতত কলিয়াবৰৰ নাম সন্নিবিষ্ট কৰিলে সোণালী আখৰেৰে ৷ শত্ৰুৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ কৰা চেষ্টাৰ প্ৰমাণ এতিয়াও সুস্পষ্ট কলিয়াবৰত ৷ কলিয়াবৰত নিৰ্মিত চামধৰা গড়, ৰাঙলু গড়, শ্যামলা গড়, চটাই আলি, ৰাঙলু বাহৰ আদিয়ে ৰিঙিয়াই আহোম যুগৰ ইতিহাস ৷ আহোম ৰাজত্বকালত কলিয়াবৰৰ ভিন্ন স্থানতে সুদৃঢ় কৰি তোলা হৈছিল প্ৰতিৰক্ষাৰ সকলো দিশ ৷ ১৫৫২ চনৰ তুৰ্বকৰ আক্ৰমণৰ পৰা ১৮২৬ চনত মানক ইংৰাজৰে খেদি পঠিওৱাৰ পিচত আহোম ৰাজত্বৰ বেলি ডুবাৰ মূহুৰ্তলৈকে, কলিয়াবৰ পৰিগণিত হৈ আহিছিল আহোম যুগৰ ৰণথলী হিচাপে ৷
ইয়াৰোপৰি কলিয়াবৰৰ জখলাবন্ধা সত্ৰতে ল'ৰা ৰজাৰ অত্যাচাৰৰ পৰা পলাই ছদ্মবেশত আহি থিতাপি লৈছিল গদাপাণি কোঁৱৰে ৷ কলিয়াবৰৰ চামধৰা গড়ৰ কাষৰ সৰিয়হতলিতে কৰোৱা হৈছিল গদাপাণিৰ ৰাজ অভিষেক ৷ শিৱসিংহৰ ৰাজত্বকালত কলিয়াবৰত নিৰ্মাণ কৰা হ'ল সৌভাগ্য মাধৱ, দুলাল মাধৱ, বাসুদেৱ দেৱালয়কে আদি কৰি কেবাটাও দৌল-দেৱালয় ৷ পৰৱৰ্তী সময়ত শ্ৰীপ্ৰমত্ত সিংহৰ ৰাজত্বকালত শিলঘাটত শ্ৰীশ্ৰী কামাখ্যা দেৱালয় আৰু হাতীমূৰাৰ মহিষমৰ্দিনী দুৰ্গা মন্দিৰ নিৰ্মাণ কৰি কলিয়াবৰক দিয়া হ'ল আন এক নতুন ৰূপ ৷
কেৱল ইমানেই নহয় ৷ কলিয়াবৰতে তুৰ্বকৰ সৈতে হোৱা যুদ্ধত প্ৰাণ হেৰুৱাইছিল ফ্ৰা-চেং-মুং বৰগোহাঞিয়ে ৷ তেওঁৰ পত্নী মূলাগাভৰুৱে স্বামীৰ মৃত্যুৰ পোটক তুলিবলৈ কলিয়াবৰতে তুৰ্বকৰে ৰণ লাগি নিজৰ প্ৰাণ আহুতি দিছিল ৷ যিটো হয়তো মধ্য যুগৰ ইতিহাসতেই এক বিৰল ঘটনা ৷ মূলাগাভৰুৰ লগতে প্ৰাণ ত্যাগ কৰা আন কুৰি গৰাকী আহোম সেনানীৰ মুণ্ডহীন গাঁৰি বা দেহ মৈদাম দিয়া হৈছিল কলিয়াবৰৰ গাঁৰিকুৰি গাঁৱত ৷