ৰহা, 21 এপ্ৰিল :নগাঁৱৰ ৰহাত শোকৰ পৰিৱেশ ৷ ৰহাৰ বিশিষ্ট শিক্ষাবিদ ,সমাজকৰ্মী হিৰণ্য নাৰায়ণ বৰাৰ আজি পুৱাই মৃত্যু ঘটে ৷ আজি পুৱা 3 বাজি 55 মিনিটত শিক্ষাবিদ তথা সমাজকৰ্মীগৰাকীৰ মৃত্যু ঘটে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে (One death in Nagaon due to old age related diseases) ৷
হিৰণ্য নাৰায়ণ বৰাৰ জন্ম হয় ১৯৩৬ চনত ৰহাৰ ৰহাচকী গাঁৱত । ৰহা মজলীয়া বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা বৰাই প্ৰাথমিক বিদ্যালয়ৰ বৃত্তি পৰীক্ষাত নগাঁও জিলাৰ ভিতৰত প্ৰথম হৈ উত্তীৰ্ণ হয় । ৰহা হাইস্কুলৰ পৰা ১৯৫২ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ নগাঁও মহাবিদ্যালয়ৰ পৰা কলা শাখাত আই এ এচ উত্তীৰ্ণ হয় । তাৰ পাচত কটন কলেজৰ পৰা বি এ পৰীক্ষাত অৱতীৰ্ণ হৈ হিৰণ্য নাৰায়ণ বৰাই সুখ্যাতিৰে উত্তীৰ্ণ হয় (Nowgong College) ।
১৯৬০ চনত ৰহা উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাবে যোগদান কৰে হিৰণ্য নাৰায়ণ বৰাই । ইয়াৰ পিচতে প্ৰয়াত হিৰণ্য নাৰায়ণ বৰাই যোৰহাট প’ষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজৰ পৰা বি টি পৰীক্ষাত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হয় । ১৯৭২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰাৰ পিচত বিষয় শিক্ষকলৈ পদোন্নতি ঘটে প্ৰয়াত বৰাৰ (Hirannya Narayan Bora is no more) ।