কলিয়াবৰ,23 ফেব্ৰুৱাৰীঃৰাজ্যৰ স্বাস্থ্য বিভাগৰ সফলতাৰ ঢোল কোবাই ভাগৰি নপৰা স্বাস্থ্য মন্ত্ৰীৰ বিভাগৰ বিপৰীত ৰূপত অতিষ্ঠ স্থানীয় ৰাইজ । কলিয়াবৰৰ দক্ষিণ-পশ্চিম অঞ্চলৰ অন্যতম চিকিৎসালয় পানীগাঁও ৰাজ্যিক চিকিৎসালয়ত বিৰাজ কৰিছে অৰাজক পৰিৱেশে । কৰ্মৰত চিকিৎসক মণ্টু শৰ্মাৰ অনিয়মীয়া উপস্থিতিয়ে ৰাইজক বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে । যি কেইদিন কৰ্মত উপস্থিত থাকে, তাকো নিয়মীয়া নোহোৱাৰ অভিযোগ উত্থাপন হৈছে চিকিৎসকগৰাকীৰ বিৰুদ্ধে ৷
ইপিনে চিকিৎসালয়খনত কৰ্মৰত ফাৰ্মাচিষ্টজনৰ লগত সু-সম্পৰ্ক নথকাত ৰোগী আৰু অভিভাৱকে প্ৰায়েই সমস্যাৰ সন্মুখীন হয় । ফাৰ্মাচিষ্টজনৰো অভব্য আচৰণৰ অভিযোগ বহু পুৰণি । ফলত দীৰ্ঘদিন ধৰি স্থানীয় ৰোগীয়ে সমস্যা ভোগ কৰি আহিছে । একেদৰে নাৰ্চ আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মাচাৰীৰ মাজতো মনোমালিন্যৰ ফলত কৰ্তব্য পালনৰ সময়ত প্ৰায়েই বাক-বিতণ্ডা চিকিৎসালয়লৈ অহা ৰোগী আৰু অভিভাৱকে প্ৰত্যক্ষ কৰিবলগা হয় ।