ৰহা,18 মাৰ্চ:প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি দলে গোটেইকেইখন আসন পাব বুলি মন্তব্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ ৰহাত অগপ প্ৰাৰ্থী বিষ্ণু দাসৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী ড৹ শৰ্মাই এই মন্তব্য কৰে ৷ কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ কথা অসমৰ মাটিত নহয় বাংলাদেশৰ মাটিত কোৱা ভাল বুলি কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে ৰহা সমষ্টিক অসমৰ ভিতৰত জাকত-জিলিকা সমষ্টিৰূপে গঢ় দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷
কংগ্ৰেছক পাম্প যোৱা ফুটবলৰ লগতে তুলনা কৰি মন্ত্ৰীগৰাকীয়ে 2022 চনত এক লাখ যুৱক-যুৱতীক সংস্থাপন দিয়া হ’ব বুলি সভাত প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ আনহাতে, প্ৰতিটো আত্মসহায়ক গোটক 1 আৰু 2 লাখকৈ টকা অনুদান দিয়া হ’ব বুলিও ব্যক্ত কৰি 'স্বয়ম আঁচনি’ ৰ দ্বাৰা প্ৰতিবছৰে 2 লাখ যুৱক-যুৱতীক, পাঁচ বছৰত 10 লাখ যুৱক-যুৱতীক আত্মসংস্থাপন দিব বুলি ড৹ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে ৷