নগাঁও, 22 মে’: নগাঁৱত শুকুৰবাৰে এখন পকী দলঙৰ শুভাৰম্ভ কৰে স্বাস্থ্য ,বিত্ত তথা গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই । স্থানীয় বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতাত নগাওঁ আইন মহাবিদ্যালয়ৰ সমীপৰ দলংখনৰ শুভাৰম্ভণি কৰা হয় ৷ নগাঁৱৰ কলঙৰ ওপৰত তিনিখনকৈ নতুন দলং নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
নগাঁৱত পকী দলঙৰ উদ্বোধন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - নগাঁৱত শুকুৰবাৰে এখন পকী দলঙৰ শুভাৰম্ভ
কৰ'ণাতংকৰ মাজতে বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতাত নগাঁৱত অব্যাহত আছে উন্নয়নমূলক কাম । শুকুৰবাৰে নগাঁৱত পকী দলং উদ্ধোধন কৰি মন্তব্য মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাৰ ৷ নগাঁৱৰ কলঙৰ ওপৰত তিনিখনকৈ নতুন দলং নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথাও উল্লেখ কৰে তেওঁ ৷
নগাঁৱত পকী দলঙৰ উদ্বোধন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
ইয়াৰ সমান্তৰালকৈ নগাঁৱত আনন্দৰাম ঢেকিয়াল ফুকন দলঙৰ সমীপত নিৰ্মীয়মাণ অৱস্থাত থকা দ্বিতীয়খন দলঙৰ অহা জানুৱাৰী মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে । লগতে নগাওঁ পৰিবহন বিভাগৰ কাৰ্য্যালয়ৰ সমীপৰ দলঙৰো নিৰ্মাণকাৰ্য অতিশীঘ্ৰেই সম্পূৰ্ণ হ’ব বুলি তেওঁ মন্তব্য দিয়ে ।
লগতে পঢ়ক: কানৈ মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত মুখ্যমন্ত্ৰী
TAGGED:
নগাঁৱত পকী দলঙৰ উদ্বোধন