অসম

assam

ETV Bharat / state

নগাঁৱত ১৫০ খন বিচনাযুক্ত কোভিড-১৯ চিকিৎসালয় উদ্ধোধন - Himanta Bishwa Sharma inagurated Covid-19 Hospital

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ লগতে মুকলি কৰা এই হাস্পতাল খনত বৰ্তমান 150 খন বিছনা আৰু 20 খন আই চি ইউ যুক্ত বিছনাৰ ব্যৱস্থা কৰা হৈছে ৷ পৰৱৰ্তী সময়ত 10 টা ভেন্টিলেশ্যনৰ ব্যৱস্থাৰ লগতে অক্সিজেনৰ ব্যৱস্থা থকা 10 খন বিচনাৰ ব্যৱস্থা কৰা হ'ব ৷

Himanta Bishwa Sharma inagurated Covid-19 Hospital at Nagaon
নগাঁৱত ১৫০ খন বিচনাযুক্ত কোভিড-১৯ চিকিৎসালয় উদ্ধোধন

By

Published : May 22, 2020, 5:37 PM IST

নগাঁও, 22 মে': ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে নগাঁৱতো এখন কোভিড-19 হাস্পতাল উদ্ধোধন কৰে স্বাস্থ্য মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ৷ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ লগতে মুকলি কৰা এই হাস্পতাল খনত বৰ্তমান 150 খন বিছনা আৰু 20 খন আই চি ইউ যুক্ত বিছনাৰ ব্যৱস্থা কৰা হৈছে ৷ পৰৱৰ্তী সময়ত 10 টা ভেন্টিলেশ্যনৰ ব্যৱস্থাৰ লগতে অক্সিজেনৰ ব্যৱস্থা থকা 10 খন বিচনাৰ ব্যৱস্থা কৰা হ'ব ৷ এতিয়াৰে পৰা নগাঁও অথৱা দাঁতিকাষৰীয়া অঞ্চলৰ কোভিড-19ত আক্ৰান্ত ৰোগীক গুৱাহাটী মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ বিপৰীতে নগাঁৱতে প্ৰদান কৰা হব চিকিৎসা ৷

নগাঁৱত ১৫০ খন বিচনাযুক্ত কোভিড-১৯ চিকিৎসালয় উদ্ধোধন

উল্লেখ্য যে, মন্ত্ৰী কেশৱ মহন্ত, পিয়ুষ হাজৰিকা সহ কেইবাজনো বিধায়কক লগত লৈ কোভিড হাস্পতালখন উদ্ধোধন কৰাৰ পিছতে নগাঁৱৰ আৱৰ্ত ভৱনত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰে সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা ৷ উল্লেখ্য যে, বৰ্তমান কোভিড-19 ত আক্ৰান্ত ৰোগীৰ বাবে মুকলি কৰা আই চি ইউ যুক্ত চিকিৎসালয়খন পৰৱৰ্তী সময়ত আন ৰোগীৰ কাৰণেও ব্যৱহাৰ কৰা হ'ব ৷ লগতে নগাঁৱৰ স্বাস্থ্য খণ্ডক এক নতুন গতি দিয়াৰ উদ্দেশ্যে আগন্তক বৰ্ষৰ আগষ্ট মাহৰ ভিতৰত নগাঁও মেডিকেল কলেজৰ শুভাৰম্ভ কৰিব বুলি বৈঠকত উল্লেখ কৰে স্বাস্থ্য মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়কঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ মাণ্ডলিক স্কিনিং চেন্টাৰত 11 জনলৈ বৃদ্ধি কোভিড-19 আক্ৰান্ত

For All Latest Updates

ABOUT THE AUTHOR

...view details