অসম

assam

ETV Bharat / state

বঢ়মপুৰত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ - Himanta bishwa Sarma campaign for Jitu Goswami

সোমবাৰে গীতৰ তালে তালে নাচিবাগি জিতু গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচালে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ হাতীয়েই পদুম, পদুমেই হাতী বুলি উল্লেখ কৰি মহাজোঁটৰ চৰকাৰ হ'লে আজমলে মহিলা সকলক সন্তান জন্ম দিয়া মেচিন বনাব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

himanta-bishwa-sarma-campaign-for-jitu-goswami
বঢ়মপুৰত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

By

Published : Mar 29, 2021, 7:32 PM IST

বঢ়মপুৰ,29 মাৰ্চ:প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে সামৰণি পৰাৰ পাছত ৰাজ্যত এতিয়া তুংগত উঠিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থী সকলৰ নিৰ্বাচনী চলাৰ চলোৱাত ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দলৰ বাঘা বাঘা নেতা সকল ৷ ইয়াৰ মাজতে সোমবাৰে বঢ়মপুৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

বঢ়মপুৰত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

গীতৰ তালে তালে নাচিবাগি জিতু গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী গৰাকীয়ে ৷ বঢ়মপুৰ সমষ্টিৰ কামপুৰ ক্ৰীড়া সন্থা খেল পথাৰত অনুষ্ঠিত হোৱা বিশাল নিৰ্বাচনী প্ৰচাৰ সভাখনত ভাষণ প্ৰদান কৰি চৰকাৰী আঁচনি সমূহৰ পৰ্যালোচনা কৰে মন্ত্ৰী গৰাকীয়ে ৷ লগতে প্ৰত্যেক গৰাকী দুখীয়া আৰু নিম্ন পৰ্যায়ৰ মহিলাক অৰুণোদয় আঁচনিৰ তিনি হাজাৰ টকাকৈ দিয়াৰ লগতে আত্মসহায়ক গোট সমূহক দুই লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে B.A আৰু M.A পাচ কৰা যুৱতী সকলক স্কুটি দিব বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে, ভাষণৰ মাজতে এইবাৰ বিজেপি চৰকাৰ গঠন হলে মহিলা সকলৰ মাইক্ৰফাইঞ্চৰ ঋণ মাফ কৰি দিয়া হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰি যাৰ মাল বেয়া সিহে গেৰাণ্টি দিয়ে বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে হাতীয়েই পদুম, পদুমেই হাতী বুলি উল্লেখ কৰি মহাজোঁটৰ চৰকাৰ হ'লে আজমলে মহিলা সকলক সন্তান জন্ম দিয়া মেচিন বনাব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ বঢ়মপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীজন ৰকিবুল হুছেইনৰ চত্ৰছায়াত চলে বুলি মন্তব্য কৰাৰ লগতে ৰকিবুলৰ বেনাৰ পষ্টাৰ দেখিলে কাজিৰঙা গঁড় কেইটাই এতিয়াও চকুপানী টুকে বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়কঃজলেশ্বৰৰ ৰাজপথত বিনিদ্ৰ ৰজনী দুৰ্ভগীয়া লোকৰ

ABOUT THE AUTHOR

...view details