অসম

assam

ETV Bharat / state

হিমা দাসৰ টকিঅ’ যাত্ৰাক লৈ উৎফুল্লিত পৰিয়াল

টকিঅ’ অলিম্পিকলৈ নিৰ্বাচিত হিমা দাস ৷ ধিং এক্সপ্রেছ হিমা দাসক লৈ উৎফুল্লিত হিমাৰ পৰিয়াল ।

By

Published : Jan 4, 2021, 7:50 PM IST

HIMA DAS
HIMA DAS

ধিং, 4 জানুৱাৰী : নতুন বছৰটোত ধিং এক্সপ্রেছ হিমা দাসক লৈ উৎফুল্লিত হিমাৰ পৰিয়াল । টকিঅ’ত অনুষ্ঠিত হ’ব লগীয়া অলিম্পিকলৈ যাবলগীয়া ভাৰতীয় খেলুৱৈৰ তালিকাত নাম সন্নৱিষ্ট হৈছে হিমা দাসৰ ৷ যাৰ বাবে আনন্দিত হৈ পৰিছে খেলুৱৈ গৰাকীৰ লগতে পৰিয়াল ৷ অতিকৈ পিছপৰা গাঁৱৰ পৰা গৈ অলিম্পিকত স্থান লাভ কৰাটো সহজ কথা নহয় বুলি মন্তব্য হিমা দাসৰ পিতৃ ৰঞ্জিত দাসৰ ।

হিমা দাসৰ টকিঅ’ যাত্ৰাক লৈ উৎফুল্লিত পৰিয়াল

সাংবাদিকৰ আগত হিমাৰ পিতৃয়ে কয় যে,এইদৰে এখন সৰু গাঁৱৰ পৰা গৈ বিশ্বস্তৰত নিজৰ বাবে এটুকুৰা ঠাই উলিয়াই লোৱাটো মুঠেই সহজ কথা নহয় ৷ হিমাৰ এই সফলতাৰ বাবে ৰাইজৰ উৎসাহ আৰু প্ৰেৰণাৰ কৃতজ্ঞতা স্বীকাৰ কৰে ৰঞ্জিত দাসে ৷ তেওঁ বিচাৰিছে সকলো ৰাইজে যেন হিমাক আৰ্শীবাদ কৰে আৰু অলিম্পিকত অংশ গ্রহণ কৰি হিমাই অসম তথা ভাৰতবৰ্ষলৈ যাতে সুনাম কঢ়িয়াই আনিব পাৰে ৷

উল্লেখ্য যে, অহা 23 জুলাইৰ পৰা জাপানৰ ৰাজধানী টকিঅ’ত অনুষ্ঠিত হ’ব অলিম্পিক ৷ 2020 বৰ্ষতে অলিম্পিক অনুষ্ঠিত হ’ব লগীয়া আছিল যদিও ক’ভিড-19ৰ বাবে পিছুৱাব লগীয়া হ’ল অলিম্পিক ৷

লগতে পঢ়ক :বিশিষ্ট সাহিত্যিক ভৱপ্ৰসাদ চলিহালৈ ২০২০ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা

ABOUT THE AUTHOR

...view details