অসম

assam

By

Published : Jul 6, 2020, 11:10 AM IST

ETV Bharat / state

নগাঁৱত উদ্ধাৰ প্ৰকাণ্ড ৰজাফেঁটী

এটা পৰিত্যক্ত নাদৰ পৰা কিং-ক'ব্ৰা ডালক বহু চেষ্টাৰ অন্তত অতি যতনেৰে উদ্ধাৰ কৰি অৱশেষত বন বিভাগৰ লোকৰ উপস্থিতি সাপডালক মুকলি কৰি দিয়ে চোৱাং সংৰক্ষিত বনাঞ্চলত ।

নগাঁৱত উদ্ধাৰ প্ৰকাণ্ড ৰজাফেঁটী
নগাঁৱত উদ্ধাৰ প্ৰকাণ্ড ৰজাফেঁটী

নগাঁও, 6 জুলাইঃনগাঁৱৰ প্ৰকৃতিপ্ৰেমী যুৱক দুলু বৰাই পুনৰ উদ্ধাৰ কৰিলে এটা প্ৰকাণ্ড ৰজাফেঁটী। এজন স্থানীয় লোকৰ ঘৰৰ নাদত পৰি আবদ্ধ হৈ থকা দুষ্প্ৰাপ্য সাপডালৰ বিষয়ে জানিব পাৰি সাপডাল উদ্ধাৰ কৰিবৰ বাবে ঠাই খনত উপস্থিত হয় চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা। পৰিত্যক্ত নাদটোৰ পৰা কিং-ক'ব্ৰা ডালক বহু চেষ্টাৰ অন্তত অতি যতনেৰে উদ্ধাৰ কৰি অৱশেষত বন বিভাগৰ লোকৰ উপস্থিতি সাপডালক মুকলি কৰি দিয়ে চোৱাং সংৰক্ষিত বনাঞ্চলত। অৱশ্যে মুখ্যমন্ত্ৰী সামূহিক কৰ্ম বটাঁ প্ৰাপক প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই ঘটনাস্থলীৰ পৰা প্ৰায় ১০ফুট দৈঘ্যৰ কিং-ক'ব্ৰা ডাল উদ্ধাৰ কৰায়ে নহয় বানপানীৰ সময়ত কোনো বন্য জীৱ-জন্তু জনাঞ্চলত প্ৰৱেশ কৰিলে কেনেকৈ সেইসমূহক উদ্ধাৰ তথা সুৰক্ষা প্ৰদান কৰিব লাগে তাৰ বিষয়েও সজাগতা সৃষ্টিৰ পূৰ্ণ প্ৰয়াস কৰে অঞ্চলবাসীৰ মাজত।

নগাঁৱত উদ্ধাৰ প্ৰকাণ্ড ৰজাফেঁটী
লগতে চাওকঃ ডাঃ সত্যকাম ফুকনক কংগ্ৰেছী সজালে কোনে ?

ABOUT THE AUTHOR

...view details