অসম

assam

By

Published : Apr 30, 2023, 8:06 PM IST

ETV Bharat / state

Helpless youth from Nagaon: নগাঁৱৰ দুই সহোদৰৰ স্নেহৰ গাঁথা...

ভাতৃস্নেহৰ এক হৃদয়স্পৰ্শী কাহিনী । আধুনিক স্বাৰ্থপৰ সমাজৰ বতাহে চুব নোৱাৰা এখন ঘৰ । পকী দেৱাল নাথাকিলেও, আছে মৰমৰ বান্ধোন । ভাতৃস্নেহৰ দুই যুৱকৰ সন্দৰ্ভত এই বিশেষ প্ৰতিবেদন (Helpless youth from Nagaon)...

Helpless youth from Nagaon appeal for help
নগাঁৱৰ দুই ভাতৃস্নেহৰ হৃদয়স্পৰ্শী কাহিনী

ভাতৃস্নেহৰ এক হৃদয়স্পৰ্শী কাহিনী

নগাঁও, 30 এপ্ৰিল : ভাতৃস্নেহৰ অপূৰ্ব নিদৰ্শন ৷ দুই ভাতৃৰ স্নেহৰ বন্ধনে দৃষ্টি আকৰ্ষণ কৰিছে নগঞাৰ মন ৷ শয্যাগত অসহায় জ্যেষ্ঠ ভাতৃৰ সেৱাত ব্যস্ত কনিষ্ঠ ভাতৃ ৷ আমি ক’বলৈ লৈছো এটা ভগা পঁজাৰ কথা ৷ এই ভগা পঁজাটোৰ ভিতৰতে আছে এটি বান্ধোন । দুই ভাতৃৰ মৰম আৰু সহায়ৰ বান্ধোন । এই ভগা পঁজাটোৰ ভিতৰতেই আছে ভাতৃস্নেহৰ এখন হৃদয়স্পৰ্শী ছবি (Helpless youth from Nagaon appeal for help)।

আজিৰ স্বাৰ্থপৰ সমাজখনৰ বতাহে যেন চুব পৰা নাই এই ঘৰখনক । ঘৰখনৰ গৃহস্থ হ’ল দুই ভাতৃ ৰূপম আৰু আকাশদ্বীপ । কেইবছৰমান আগলৈকে ৰূপমে বেংকত চাকৰি কৰিছিল । কিন্তু কালৰ সোঁতত গুৱাহাটীৰ পৰা নগাঁৱৰ মৰিকলঙৰ ঘৰলৈ আহোত দুৰ্ঘটনাত পতিত হৈছিল ৰূপম । তাৰ পিচৰে পৰাই শয্যাগত হৈ পৰিল ৰূপম । তাৰ পৰাই আৰম্ভ হৈছে ভাতৃস্নেহৰ হৃদয়স্পৰ্শী কাহিনী ।

উল্লেখযোগ্য যে, 2021 চনৰে পৰাই শয্যাগত নগাঁৱৰ মৰিকলঙৰ ৰূপম বৰা । মাত্ৰ ডেৰমাহ পূৰ্বে মৃত্যু হৈছে পিতৃহাৰা ৰূপম আৰু আকাশদ্বীপৰ মাতৃৰ । মাতৃৰ বিয়োগৰ পিচৰ পৰাই জ্যেষ্ঠ ভাতৃৰ শুশ্ৰূষা কৰি আহিছে কণিষ্ঠ ভাতৃ আকাশদ্বীপ বৰাই । নগাঁও মহাবিদ্যালয়ত অধ্যয়নৰত আকাশদ্বীপে অতি কষ্টৰে পৰিচৰ্যা কৰি আহিছে ৰূপমৰ ।

কিন্তু দুৰ্ভাগ্য যে, বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত নগাঁৱৰ মৰিকলঙৰ এই দুৰ্ভগীয়া পৰিয়ালটোৱে আজিকোপতি লাভ কৰা নাই কোনো চৰকাৰী সাহাৰ্য । আনকি পৰিয়ালটোৰ নাই এটি শৌচাগাৰো । কিন্তু এই দুৰ্ভগীয়া পৰিয়ালটোৰ বেদনা কোনে বুজিব বা কোনে শুনিব ?

অবৰ্ণনীয় এক পৰিৱেশৰ সন্মুখীন হোৱা দুই ভাতৃৰ অসহায় অৱস্থাই এতিয়া হৃদয় চুই গৈছে স্থানীয় বহু লোকৰ । তেওঁলোকৰ ঘৰত উপস্থিত হৈ খবৰ লৈছে বিভিন্নজনে । আনহাতে, এই দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

এতিয়া প্ৰশ্ন হয়, দুৰ্ভগীয়া পৰিয়ালটোক সহায়ৰ বাবে স্থানীয় লোকে চৰকাৰক আহ্বান জনাইছে যদিও এই পৰিয়ালটোৰ দুৰ্বিসহ জীৱন চকুত পৰিবনে ৰজাঘৰীয়াৰ ? এক অসহায় অৱস্থাৰ সন্মুখীন হোৱা যুৱক দুজনৰ সহায়ৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষ্যনীয় ।

লগতে পঢ়ক :Two Kids of Tingkhong: টিংখাঙৰ দুৰ্ভগীয়া ভাতৃ-ভগ্নীৰ জীৱন সংগ্ৰামৰ কৰুণ কাহিনী

ABOUT THE AUTHOR

...view details