অসম

assam

নগাঁও পৰিবহন বিভাগৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

By

Published : Feb 22, 2021, 6:07 PM IST

নগাঁও পৰিবহন বিভাগৰ কাৰ্যালয়ত সোমবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ কাৰ্যালয়টোৰ কৰ্মচাৰী আৰু একাংশ স্থানীয় যুৱকে মিলি আবেদনৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰি পৰিৱেশ উত্তপ্ত কৰি তোলে স্থানীয় ৰাইজে ৷

নগাঁও পৰিবহন বিভাগৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি
নগাঁও পৰিবহন বিভাগৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

নগাঁও,22 ফেব্ৰুৱাৰী:সোমবাৰে নগাঁও জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ অভিযোগ অনুসৰি, এজন যুৱকে অনলাইন আবেদন কৰি কাৰ্যালয়টোত শাৰী পাতি থকা অৱস্থাতে কেইজনমান যুৱকে যুৱকজনক হঠাতে আহি ঠেলা হেঁচা কৰি মাৰপিট কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ ৷ তাৰ সমান্তৰাল ভাৱে কাৰ্যালটোত দীৰ্ঘদিনৰ পৰা অবাধ ধনৰ লেন দেন হৈ থকা বুলিও অভিযোগ উত্থাপন কৰে একাংশই ৷

নগাঁও পৰিবহন বিভাগৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

উল্লেখ্য যে, কাৰ্যালয়টোৰ কৰ্মচাৰী আৰু একাংশ স্থানীয় যুৱকে মিলি আবেদনৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোক সকলে ৷ উৎকোচৰ মুকলি বেহা চলি থকা অভিযোগ-প্ৰতিভিযোগৰ পাচতে দুই পক্ষৰ মাজত টনা আঁজোৰা আৰু ঠেলা হেঁচাৰে উত্তপ্ত হৈ পৰে নগাঁও পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ চৌহদ ৷

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী অসম আগমনৰ দিনাই যোৰহাটত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details