অসম

assam

ETV Bharat / state

নগাঁৱৰ ক’ভিড ভেকচিন প্ৰদান কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি - ভেকচিনক কেন্দ্ৰ

ভেকচিনক লৈ নগাঁৱৰ এটা ভেকচিন প্ৰদান কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি । আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগীয়া অৱস্থাৰ সৃষ্টি হয় কেন্দ্ৰটোত ৷

ক’ভিড ভেকচিন প্ৰদান কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি
ক’ভিড ভেকচিন প্ৰদান কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

By

Published : Aug 5, 2021, 4:56 PM IST

নগাঁও, 5 আগষ্ট : বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক'ভিড-১৯ ৰ ভেকচিনক লৈ এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাই নহয়, মাৰপিটৰ দৰে ঘটনাও সংঘটিত হৈ আহিছে । ক'ভিড ভেকচিনৰ নাটনি হোৱা বুলিও বিভিন্ন প্ৰান্তত উত্থাপন হৈ আহিছে অভিযোগ । সেই সময়তে বৃহস্পতিবাৰে নগাঁৱত ক'ভিড ভেকচিনক কেন্দ্ৰ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ।

নগাঁও চহৰৰ ইছলামীয়া মাদ্ৰাছা ভেকচিন প্ৰদান কেন্দ্ৰত ভেকচিন ল’বলৈ অহা একাংশ লোকৰ মাজতেই সৃষ্টি হয় বাক বিতণ্ডাৰ । ভেকচিন ল’বলৈ অহা লোকৰ মাজত হোৱা সংঘাতৰ ফলতেই উত্তাল হৈ পৰে ভেকচিন প্ৰদান কেন্দ্ৰটোৰ পৰিস্থিতি । যাৰ ফলত বিমোৰত পৰে ভেকচিন প্ৰদান কৰিবলৈ অহা স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকল । বহু সময়ৰ বাবে ভেকচিন প্ৰদান কেন্দ্ৰটোত ভেকচিন প্ৰদানৰ পৰা বিৰত থাকে স্বাস্থ্য কৰ্মীৰ দলটো ।

ক’ভিড ভেকচিন প্ৰদান কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হ’বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় ভেকচিন প্ৰদান কেন্দ্ৰটোত । উত্তাল হৈ থকা ভেকচিন প্ৰদান কেন্দ্ৰটোত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে, ভেকচিন প্ৰদান কেন্দ্ৰটোত সৃষ্টি হোৱাৰ দৰে দৈনিক বহু ভেকচিন কেন্দ্ৰত এনে পৰিস্থিতি উদ্ভৱ হোৱা পৰিলক্ষিত হৈ আহিছে । তথাপিও জিলা প্ৰশাসন আৰু চৰকাৰে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক :কাক ‘উগ্ৰপন্থী’ সজালে বিধানসভাৰ অধ্যক্ষই ?

ABOUT THE AUTHOR

...view details