ৰূপহীহাট, 7 জুলাই : লাওখোৱা চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত ৭নং বগামুখত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ স্বামী-স্ত্ৰীৰ মাজত দীৰ্ঘদিনীয়া পাৰিবাৰিক কন্দল চলি থকাৰ মাজতে ৰহিম আলী নামৰ ব্যক্তিজনে দুজনীকৈ কন্যা সন্তানক বিহ খুৱাই হত্যা কৰে ৷ লগতে নিজেও আত্মহত্যাৰ চেষ্টা চলায় ৷
এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁও জিলাৰ ৰূপহীহাটত ৷ জানিব পৰা মতে, পত্নীৰ সৈতে চলি থকা পাৰিবাৰিক কন্দলৰ বাবে স্বামী ৰহিম আলীৰ বিৰুদ্ধে গোচৰ তৰি দুই সন্তানৰ সৈতে পিতৃগৃহত আশ্ৰয় লৈছিল পত্নীয়ে ৷ কিন্তু সোমবাৰে আলীয়ে শহুৰেকৰ ঘৰৰ পৰা দুই সন্তানক ঘৰলৈ আনি বিহপান কৰোৱাৰ লগতে নিজেও বিহ সেৱন কৰে ৷