অসম

assam

ETV Bharat / state

Deprive from property: এগৰাকী শতায়ু গৰকা বৃদ্ধাৰ হৃদয়বিদাৰক কাহিনী

শতায়ু গৰকা এগৰাকী অসহায় বৃদ্ধা (Helpless centenarian woman) ৷ এসময়ৰ অতি চহকী বৃদ্ধাগৰাকীৰ এতিয়া থাকিবলৈ নাই এটা নিজা ঘৰ ৷ লাভ কৰা নাই কোনো চৰকাৰী আঁচনিও (centenarian woman deprive of govt facilities) ৷ এক অসহায় অৱস্থাৰ সন্মুখীন হৈছে এইগৰাকী বৃদ্ধা । তেওঁৰ নাম পাৰ্বতী ৰায় ।

Helpless centenarian woman
শতায়ু গৰকা এগৰাকী অসহায় বৃদ্ধাৰ কৰুণ কাহিনী

By

Published : Feb 7, 2023, 10:51 PM IST

শতায়ু গৰকা এগৰাকী অসহায় বৃদ্ধাৰ কৰুণ কাহিনী

নগাঁও, 7 ফেব্ৰুৱাৰী: আত্মীয়ৰ প্ৰতাৰণাৰ বলি হোৱা নগাঁৱৰ এগৰাকী শতায়ু গৰকা বৃদ্ধা ৷ তেওঁৰ নাম পাৰ্বতী ৰায় । ঘৰ মাটি ভেটি একোৱেই নাই বৃদ্ধাগৰাকীৰ । এশ বছৰ অতিক্ৰম বৃদ্ধাগৰাকীৰ পুত্ৰই উল্লেখ কৰা মতে এসময়ত এশ বিঘাৰো অধিক ভূমিৰ গৰাকী আছিল পৰিয়ালটো । চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ নামত ভূমি দান দিব পৰা সামৰ্থ আছিল এইগৰাকী বৃদ্ধাৰ পৰিয়ালৰ । কিন্তু এতিয়া মাটি বুলিবলৈ একোৱেই নাই তেওঁলোকৰ (heart rending story of a centenarian woman) ।

পৰিয়ালৰ লোকে তেওঁলোকৰ পৰা কাঢ়ি নিয়ে ঘৰ মাটি সকলোবোৰ ৷ যাৰ বাবে এতিয়া চৰম দুৰ্দশাৰ মাজেৰে জীৱন পাৰ কৰিছে বৃদ্ধাগৰাকী আৰু তেওঁৰ দুই পুত্ৰই ৷ এইগৰাকী বৃদ্ধাৰ পুত্ৰই কৰা অভিযোগ অনুসৰি নিজৰ প্ৰাপ্য ভূমিৰ পৰা বঞ্চিত হৈছে পৰিয়ালটো । একাংশ মাটিৰ দালালৰ লগ হৈ পাৰ্বতী ৰায় নামৰ বৃদ্ধাগৰাকীৰ বৃহৎ ভূমি একাংশ আত্মীয়ই বেদখল কৰাৰ অভিযোগ অসহায় পৰিয়ালটোৰ (Helpless centenarian woman)।

জানিব পৰা মতে, জুৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অধীনত আছে তেওঁলোকৰ মাটি সম্পত্তি ৷ কিন্তু পৰিয়ালৰ একাংশ সম্পত্তিলোভী লোকে সকলো অধিকাৰৰ পৰা বঞ্চিত কৰি এইদৰে এটা দুৰ্বিসহ জীৱনৰ মাজলৈ তেওঁলোকক ঠেলি দিয়ে ৷ মাটি সম্পত্তি বিচাৰি গ’লেও ওলোটাই দাবী-ধমকিহে খাবলগীয়া হয় বুলি তেওঁলোকে জনাইছে ৷ আৰক্ষীক বহুবাৰ এই কথা অৱগত কৰিছিল যদিও আৰক্ষীয়েও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে (centenarian woman deprive of govt facilities) ৷

নিজৰ মাটি বিচাৰি চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ তাঁত-বাটি কাঢ়ি ভাগৰি পৰা এইগৰাকী বৃদ্ধাৰ এতিয়া শেষ ভৰসা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । আজিৰ পৰা প্ৰায় এবছৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে ৰাজ্যৰ চৌদিশে চলিছিল মাটিৰ দালালৰ বিৰুদ্ধে অভিযান (Drive against land brokers) । লক্ষ্য আছিল ৰাজ্যৰ চক্ৰ বিষয়াৰ কাৰ্যালয় সমূহৰ পৰা দূৰ্নীতিৰাজ নিৰ্মূল কৰা । কিন্তু বিষয়াৰ কাৰ্যালয়সমূহত যেন এতিয়াও নিৰ্মূল হোৱাই নাই দুৰ্নীতি । সেয়ে এইবাৰ মুখ্যমন্ত্ৰীৰ ওচৰত ন্যায় বিচাৰি কাতৰ অনুৰোধ এইগৰাকী বৃদ্ধাৰ ।

নিজৰ মাটি সম্পত্তি হেৰুৱাই দুই পুত্ৰৰ সৈতে চহৰৰ ভাড়া ঘৰত চৰম দাৰিদ্ৰতাৰ মাজত দিন পাৰ কৰা এইগৰাকী বৃদ্ধাৰ দুই পুত্ৰৰ অভিযোগ, একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া আৰু মাটিৰ দালালৰ বাবেই তেওঁলোকৰ মাতৃয়ে চৰম বঞ্চনাৰ সন্মুখীন হৈছে । সেয়ে সমগ্ৰ বিষয়টোত হস্তক্ষেপ কৰি শতায়ু গৰকা বৃদ্ধাগৰাকীক ন্যায় প্ৰদান কৰিবলৈ কাতৰ অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ।

লগতে পঢ়ক:Dog Reunited With Puppy : মাতৃ-সন্তানৰ পুনৰ মিলনত আৱেগিক দুটা পৰিয়াল

ABOUT THE AUTHOR

...view details