নগাঁও, 28 জানুৱাৰী:আৰম্ভ হ'ল কীৰ্তিকমল এনকাউণ্টাৰৰ উচ্চ পৰ্য্যায়ৰ তদন্তৰ শুনানি(Hearing of Nagaon encounter)। প্ৰায় তিনিঘণ্টা সময় জেৰা কৰা হ’ল নগাঁও আৰক্ষীক । সাক্ষ্যদান কৰিলে কীৰ্তিকমল বৰাৰ পিতৃ মাতৃৰ লগতে ঘটনাৰ প্ৰত্যক্ষদর্শীয়ে ।
শুকুৰবাৰে আৰম্ভ হ’ল সমগ্ৰ ৰাজ্য কঁপাই যোৱা নগাঁৱৰ কীৰ্তিকমল বৰা এনকাউণ্টাৰৰ ঘটনাৰ উচ্চ পৰ্য্যায়ৰ তদন্ত । যোৱা শনিবাৰে নগাঁৱৰ কচলুখোৱাত সংঘটিত হৈছিল সেই অবাঞ্চিত, বৰ্বৰ ঘটনা । মাতৃৰ ঔষধ আনিবলৈ যোৱা প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰা আহত হৈছিল আৰক্ষীৰ গুলীত। ঘটনাটো সংঘটিত হৈছিল ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ লোকে জাকিৰ হুছেইন আটক কৰাৰ পিছতে । সাধাৰণ পোছাকত থকা আৰক্ষীয়ে জাকিৰ হুছেইনক প্ৰহাৰ কৰাৰ বিষয়ে সুধিবলৈ যোৱাৰ সময়তে আৰক্ষীৰ গুলীত আহত হৈছিল প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰা । কীৰ্তিকমল বৰাও ড্ৰাগছৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল নগাঁও আৰক্ষীয়ে । কিন্তু ইয়াৰ বিপৰীতে কীৰ্তিকমল বৰা নিৰ্দোষী বুলি দাবী কৰি নগাঁৱৰ লগতে ৰাজ্যজুৰি আৰম্ভ হৈছিল প্ৰতিবাদ । ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল উচ্চ পৰ্য্যায়ৰ তদন্ত । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত শুক্ৰবাৰে পুৱাই নগাঁৱৰ আৱৰ্ত ভৱনত উপস্থিত হয় ৰাজ্যৰ অতিৰিক্ত মূখ্য সচিব পৱন বৰঠাকুৰ ।
নগাঁও আৱৰ্ত ভৱনত উপস্থিত হৈ ঘটনাৰ সাক্ষ্যদান কৰে এণ্টি নাৰ্কটিক স্কোৱাডৰ লোকৰ লগতে, নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। আৰক্ষী বিষয়া আনন্দ মিশ্রৰ লগতে আৰক্ষীক প্ৰায় তিনিঘণ্টা সময় জেৰা কৰে তদন্তৰ দায়িত্বত থকা অতিৰিক্ত মূখ্য সচিব পৱন বৰঠাকুৰে । ঘটনাৰ সাক্ষ্যদান কৰে কীৰ্তিকমল বৰাৰ পিতৃ মাতৃৰ লগতে স্থানীয় প্ৰত্যক্ষদর্শীয়ে । কীৰ্তিকমল বৰাক বিনা কাৰণতে আৰক্ষীয়ে গুলীওৱাৰ অভিযোগ কৰিছে সাক্ষ্যদান কৰা কীৰ্তিকমল বৰাৰ পিতৃয়ে । নগাঁও আৰক্ষীৰ বিৰুদ্ধে কীৰ্তিকমল বৰাৰ পিতৃ নিলকমল বৰাৰ গুৰুতৰ অভিযোগ । ঘটনা সংঘটিত হোৱাৰ নিশাই আৰক্ষীৰ লগতে কীৰ্তকলমলক নিচা সেৱন কৰিছে নে নাই তাৰ পৰীক্ষা কৰিবলৈ দাবী কৰাৰ পিছতো আৰক্ষীয়ে পৰীক্ষা কৰা নাছিল ।