নগাঁও, ২১ নৱেম্বৰ :অৱশেষত চূড়ান্ত হোৱাৰ দিশে আগবাঢ়িছে অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া । ২০১৮ চনতে সংঘটিত হৈছিল সমগ্ৰ ৰাজ্য কঁপাই যোৱা ডকমকাৰ নীল-অভি হত্যাকাণ্ড । পাহাৰীয়া কাৰ্বিভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ এদল পাষণ্ডৰ হাতত প্ৰাণ হেৰুৱাইছিল গুৱাহাটীৰ দুই চফল ডেকা নিলোৎপল দাস আৰু অভিজিৎ নাথে । যি হত্যাকাণ্ডক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ ।
ঘটনা সংঘটিত হোৱাৰ পিচতেই ২৭ জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰি কম সময়ৰ ভিতৰতে অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছিল ডিফু আৰক্ষী । ৰাজ্য কঁপাই যোৱা নীল অভি হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া প্ৰথমাৱস্থাত ডিফু আদালতত আৰম্ভ হৈছিল ৷
কিন্তু পৰৱৰ্তী সময়ত নীল অভিৰ পৰিয়ালৰ আপত্তি মৰ্মে ডিফু আদালতৰ বিপৰীতে নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত বিচাৰ প্ৰক্ৰিয়া চলাবলৈ নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতেই নগাঁও আদালতত চলি থকা নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ মুঠ ৭১ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ মঙলবাৰে সম্পূৰ্ণ হয় নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত ।