নগাঁও, 8 ছেপ্টেম্বৰঃ শনিবাৰে নগাঁও চহৰৰ সমীপৱৰ্তী শিয়ালমাৰী মজলীয়া বিদ্যালয়ত ৰাষ্ট্ৰীয় স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু নগাঁও স্বাস্থ্য বিভাগৰ সহযোগত বিশাল স্বাস্থ্যমেলাৰ অনুষ্ঠিত হয়৷ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই এই স্বাস্থ্যমেলাৰ উন্মোচন কৰে৷
নগাঁৱত স্বাস্থ্য বিভাগৰ উদ্যোগত বিশাল স্বাস্থ্য মেলা - বিনামূলীয়া ঔষধৰো যোগান ধৰা হয়
স্বাস্থ্য মেলা খনত জাপানীজ এনকেফেলাইটিজ, স্ত্ৰী আৰু প্ৰসূতি ৰোগ, মানসিক ৰোগ আদি বিভিন্ন ৰোগৰ চিকিৎসাৰ লগতে বিনামূলীয়া ঔষধৰো যোগান ধৰা হয় ৷

স্বাস্থ্য বিভাগৰ উদ্যোগত বিশাল স্বাস্থ্য মেলা
স্বাস্থ্য বিভাগৰ উদ্যোগত বিশাল স্বাস্থ্য মেলা
এই স্বাস্থ্য মেলাখনত প্ৰায় ডেৰ সহস্ৰাধিক লোকক চিকিৎসা সেৱা আগবঢ়োৱা হয়৷ ইয়াৰোপৰিও স্বাস্থ্য মেলা খনত জাপানীজ এনকেফেলাইটিজ, স্ত্ৰী আৰু প্ৰসূতি ৰোগ, মানসিক ৰোগ আদি বিভিন্ন ৰোগৰ চিকিৎসাৰ লগতে বিনামূলীয়া ঔষধৰো যোগান ধৰা হয় ৷