ধিং,২৩ আগষ্ট :শেহতীয়াকৈ বহু দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী আৰক্ষীৰ জালত পৰিছে ।উৎকোচ লৈ থকা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে কেইবাগৰাকীও বিষয়াক (Anti Corruption raid in Assam)। এইবাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল বিদ্যালয়ৰ প্ৰধান শিক্ষক (Anti Corruption arrests headmaster)। সহকাৰী শিক্ষকৰ পৰা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল মৈৰাবাৰীৰ নিকটৱৰ্তী হাতীমুৰীয়া মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক দিদাৰুল ইছলাম ।
বিদ্যালয়খনৰ পূৰ্বৰ সহকাৰী শিক্ষক ভৱেশ কছাৰীৰ পৰা উৎকোচ লোৱাৰ সময়ত হাতে লোটে ধৰা পৰে ধনলোভী প্ৰধান শিক্ষকগৰাকী । জানিব পৰা মতে ভৱেশ কছাৰীয়ে যোৱা কিছু দিন পূৰ্বে বুজাবুজিৰ ভিত্তিত বদলি হৈছিল । কিন্তু প্ৰধান শিক্ষকগৰাকীয়ে চাৰ্ভিচ বুক LPC দিয়াৰ নামত সহকাৰী শিক্ষকগৰাকীৰ পৰা বিচাৰিছিল উৎকোচ । শিক্ষকজনে বহু দিন ধৰি প্ৰধান শিক্ষকজনক কাকূতি মিনতি কৰাৰ পাছতো উৎকোচ অবিহনে চাৰ্ভিচ বুক দিয়া নাছিল (Corrupted headmaster arrested)।