অসম

assam

ETV Bharat / state

কলিয়াবৰত উদ্ধাৰ দুষ্প্ৰাপ্য শেন চৰাই

চলন্ত স্কুটীৰ আগত পৰি আঘাতপ্ৰাপ্ত হয় এটি শেন চৰাই ৷ পক্ষীপ্ৰেমী যুৱকৰ তৎপৰতাত চিকিৎসা প্ৰদান আঘাতপ্ৰাপ্ত চৰাইটোক ৷

Hawk rescued
Hawk rescued

By

Published : Jun 18, 2020, 8:14 PM IST

কলিয়াবৰ, 18 জুন : পক্ষী কূলৰ পৰা ক্ৰমাৎ বিলুপ্ত হৈ পৰিছে শেন চৰাই। কলিয়াবৰৰ সৰুভোগীয়াত চলন্ত স্কুটীৰ আগত পৰি আঘাতপ্ৰাপ্ত হয় এটি শেন চৰাই ৷ আঘাতপ্ৰাপ্ত চৰাইটোক স্থানীয় সংবাদকৰ্মী প্ৰদীপ লস্কৰ আৰু স্কুটীচালকগৰাকীয়ে পশু চিকিৎসকৰ ওচৰলৈ লৈ যায় ৷ পশু চিকিৎসক ডাঃ সুৰজ প্ৰতীম কাকতিয়ে চিকিৎসা সেৱা আগবঢ়োৱাৰ পিচত ক্ৰমাৎ সুস্থ হৈ উঠিছে শেন চৰাইটো। ৷

কলিয়াবৰত উদ্ধাৰ দুষ্প্ৰাপ্য শেন চৰাই

চৰাইটো বিপদমুক্ত যদিও চিকিৎসকৰ পৰামৰ্শ মতে এদিন তত্বাৱধানত ৰাখি পুনৰ মুক্ত আকাশৰ তললৈ এৰি দিয়া হ'ব বুলি জানিবলৈ দিছে প্ৰদীপ লস্কৰে। দুয়োগৰাকী প্ৰকৃতিপ্ৰেমীৰ এনে কাৰ্য‍ৰ শলাগ লৈছে কলিয়াবৰীয়া সচেতন মহলে ।

লগতে পঢ়ক :আজমল চুপাৰ 40 ত আসন লাভ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ হাবিবুৰ ৰহমানৰ

ABOUT THE AUTHOR

...view details