কলিয়াবৰ, 11 জুনঃঅসম চৰকাৰৰ কৰ্মচাৰীৰ কৰ্ম সংস্কৃতিৰ নমুনা সৰ্বজন বিদিত । সীমাহীন দুৰ্নীতিৰ অভিযোগ থকা অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ অধীনৰ কলিয়াবৰ মহকুমাৰ হাটবৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত সোমবাৰে দেখা গ’ল চৰম কৰ্ম সংস্কৃতিৰ ফোপোলাস্বৰূপ ৷ বিয়লি ৩:৩০ বজাতে কাৰ্যালয়ত তলা মাৰি ঘৰা-ঘৰী গ’ল পঞ্চায়ত সচিব তথা গাণনিক কৰ্মচাৰী । স্বজন-তোষণৰ ব্যাপক অভিযোগ মাজতে পঞ্চায়তৰ বিভিন্ন পদত নিযুক্তি লাভ কৰা এচাম পঞ্চায়তৰ কৰ্মচাৰীয়ে নিযুক্তি লাভ কৰিয়ে উভট-গোৰে নাচিবলৈ আৰম্ভ কৰিছে ।
অসম চৰকাৰৰ কৰ্মচাৰীৰৰ কৰ্ম সংস্কৃতিৰ ফোপোলা স্বৰূপ
সপ্তাহৰ প্ৰথম দিনটোতেই বিয়লি ৩:৩০ বজাতে তলা বন্ধ হাটবৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত ৷ এতিয়া প্ৰশ্ন এনে কৰ্মচাৰীৰে পাৰিব নে নতুন সময় সূচীৰ বুনিয়াদ গঢ়িব ?
লোকসভা নিৰ্বাচনৰ প্ৰাক-মূহুৰ্তত নিযুক্তি লাভ কৰা হাটবৰ গাঁও পঞ্চায়তৰ সচিব ডেইজীৰাণী চুতীয়া আৰু গাণনিক কৰ্মচাৰী যুগল কিশোৰ বৰা সহ আন কৰ্মচাৰীয়ে বিয়লি ৩:৩০ বজাতে সপ্তাহৰ প্ৰথম দিনটোত দৈনিক কাৰ্য সমাপন কৰি কাৰ্যালয় বন্ধ কৰে । সপ্তাহটোত তিনি-চাৰি দিন এনেকৈয়ে চলে বুলি স্থানীয় লোকৰ গুৰুতৰ অভিযোগ ৷
যিটো সময়ত অসম চৰকাৰে চৰকাৰী কাৰ্যালয়ৰ দৈনিক সময়সূচী পুৱা ৯:০০ বজাৰ পৰা বিয়লি ৬:০০ বজালৈ প্ৰৱৰ্তন কৰাৰ গুণা-গথা কৰিছে সেই সময়ত হাটবৰ গাঁও পঞ্চায়তৰ কৰ্ম সংস্কৃতিৰ নমুনাই তাৎপৰ্য্য বহন কৰিছে ।