বঢ়মপুৰ,১৯ ছেপ্টেম্বৰ:"অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে ।" জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈ থৈ যোৱা বাক্য়শাৰীক যেন সঁচা কৰিবলৈ হাতে কামে লাগিচে কামপুৰৰ এদল মহিলা । কামপুৰকে ধৰি তেতিলীসৰাৰ একাংশ মহিলাই নিজেই যাতে অসমৰ থলুৱা সাজপাৰ সমূহ তৈয়াৰ কৰিব পাৰে তাৰে প্ৰতি দৃষ্টি ৰাখি গঢ়ি তুলিছে এক হস্ত তাঁত বস্ত্ৰ শিল্প উদ্যোগ । সোমবাৰে কামপুৰত "কনকলতা হস্ত তাঁত বস্ত্ৰ শিল্প উদ্যোগ" মুকলি কৰা হয়(Handloom industrty inaugurated in Kampur) ।
উদ্যোগটো উদ্বোধন কৰে অনুসূচীত জাতিৰ উন্নয়ন বৰ্ডৰ অধ্যক্ষ নৰেন দাসে(Kanaklata handloom textile industry inaugurated) । কামপুৰৰ তিনিটা পঞ্চায়তৰ ১৫১ গৰাকী মহিলা একত্ৰিত হৈ বৰ্তমান সময়ত সমাজৰ পৰা লুপ্ত হ'বলৈ ধৰা অসমীয়া চহা জীৱনৰ অন্যতম লগৰী তাঁত শালখনক পুনৰুদ্ধাৰ কৰি বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠিত কৰি বহিৰাগত ব্যৱসায়ীক যাতে প্ৰত্যুত্তৰ দিব পাৰে তাৰ বাবে তেওঁলোকে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।